জনিয়া, 16 ডিচেম্বৰঃ ক্ষান্ত হোৱা নাই সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জ্বলা জুইকুৰা ৷ প্ৰতিবাদ অব্যাহত ৰাজ্যৰ ভিন্ন প্ৰান্তত ৷ বৰপেটাৰ কলগাছিয়াত কলেজ শিক্ষক গোটৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট ৷ সদৌ অসম কলেজ শিক্ষক সন্থাৰ বৰপেটা মাণ্ডলিকৰ সিদ্ধান্ত মৰ্মে আজি কলগাছিয়াৰ নৱজ্যোতি কলেজ শিক্ষক গোটে হাতত বিভিন্ন প্লে কাৰ্ড লৈ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ বাবে এই আন্দোলন অব্যাহত থাকিব বুলিও উল্লেখ কৰে ৷
কলগাছিয়াত প্ৰতিবাদত নামিল কলেজ শিক্ষক গোট - নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বৰপেটাৰ কলগাছিয়াত কলেজ শিক্ষক গোটৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট ৷
![কলগাছিয়াত প্ৰতিবাদত নামিল কলেজ শিক্ষক গোট Kalgasiya College Teacher protest against CAA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5391798-thumbnail-3x2-janiya.jpg)
কলগাছিয়াত প্ৰতিবাদত নামিল কলেজ শিক্ষক গোট
কলগাছিয়াত প্ৰতিবাদত নামিল কলেজ শিক্ষক গোট