জনীয়া,21 এপ্ৰিল: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তিতাপানীত বুধবাৰে ভূমি বিবাদক কেন্দ্র কৰি দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় । প্ৰাপ্ত তথ্য অনুসৰি, সুদীৰ্ঘ ১১ বছৰ ধৰি গোচৰ চলি থকা ভূমিত হাচেন আলী, ফজল হক আৰু চানমামুদ আলীয়ে পৰিয়ালৰ লোকৰ সৈতে বাঁহৰ বেৰ দিবলৈ আৰম্ভ কৰাত আনটো পক্ষৰ আব্দুল জলিল, জুৰান আলী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে বাধা প্ৰদান কৰাত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয় ।
ভূমি বিবাদক কেন্দ্র কৰি ভয়ংকৰ সংঘৰ্ষ - বৰপেটা অসামৰিক চিকিৎসালয়
ভূমি বিবাদক কেন্দ্র কৰি কলগাছিয়াৰ তিতাপানীত দুটা ফৈদৰ মাজত ভয়ানক সংঘৰ্ষ । প্ৰতিপক্ষৰ আক্ৰমণত আহত তিনিজন । আহত লোকসকলক বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷
ভূমি বিবাদক কেন্দ্র কৰি কলগাছিয়াত দুই পক্ষৰ ভয়ংকৰ সংঘৰ্ষ
মাৰপিটৰ ফলত আব্দুল জলিল, ৰফিকুল ইছলাম, মহেলা খাতুন আৰু পিঞ্জিৰা খাতুন নামৰ চাৰিগৰাকী লোক গুৰুতৰভাৱে আহত হয় । আহত লোকসকলক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ইয়াৰে ৰফিকুল ইছলামৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :অ’এনজিচিৰ তিনি বিষয়াক অপহৰণৰ আঁৰত কোন ?