জনীয়া, ৬ আগষ্ট :শেহতীয়াভাৱে অসমীয়া পেজ নামৰ এটা ফেচবুক একাউণ্টৰ দ্বাৰা বৰপেটা জিলাৰ জনীয়াৰ এখন মাদ্ৰাছাৰ পৰা হাজাৰ হাজাৰ তৰোৱাল বৰপেটা আৰক্ষীয়ে উদ্ধাৰ কৰা বুলি এক প্ৰচাৰ চলিছে । কিন্তু সেয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । যাৰ ফলত সৰৱ হৈছে কলগাছিয়া জিলা আমছু (Kalgasia AAMSU reacted at sword seized rumors in Madrassa) ।
আমছুৰ দাবী, দুষ্টচক্ৰই সামাজিক মাধ্যমত মাদ্ৰাছাৰ বিৰুদ্ধে এনে মিছা অপপ্ৰচাৰ কৰি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ ষড়যন্ত্ৰ কৰিছে । ইয়াৰ উপৰি এনে ভুৱা প্ৰচাৰৰ দ্বাৰা ইছলাম ধৰ্মাৱলম্বীসকলৰ মনত বাৰুকৈয়ে আঘাত দিয়া বুলিও আমছুৰ দাবী ।
আনহাতে, এনে সাম্প্ৰদায়িক অপপ্ৰচাৰেৰে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ লগতে সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলিও আমছুৱে গুৰুতৰ অভিযোগ উত্থাপন কৰে । লগতে শনিবাৰে কলগাছিয়া জিলা আমছুৰ এটা সঁজাতি দলে কলগাছিয়া আৰক্ষী থানাত উপস্থিত হৈ 'অসমীয়া পেজ'ৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে (Kalgasia AAMSU FIR against Assamese facebook page) । লগতে উক্ত ফেচবুক পেজটোৰ বিৰুদ্ধে তদন্তমূলকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ।