জনিয়া,29 মেঃকলগাছিয়াৰ মইনবড়ী সত্ৰ হৈ পশ্চিম মইনবড়ী লৈ যোৱা পথ নিৰ্মানত ব্যাপক দুৰ্নীতিৰ অভিযোগ । ৰাস্তা নিৰ্মানৰ দায়িত্বত থকা ঠিকাদাৰৰ মৈমতালিত চলিছে অতি নিম্নমানৰ কাম । শেষত ক্ষোভিত ৰাইজে আগুৰি ধৰে ঠিকাদাৰ গৰাকীক । আনহাতে, সাংবাদিকৰ উপস্থিতিত ঠাই এৰি পলায়নৰ চেষ্টা অভিযুক্ত ঠিকাদৰৰ । সাংবাদিকে ঠিকাদাৰৰ পিছে পিছে গৈ ৰাস্তাতো তেওঁৰ নিৰ্দেশতে নিৰ্মান কৰা হৈছেনে বুলি সোধা প্ৰশ্নত তেখেত নিজেই অভিযন্তা বুলি কয় । উত্তপ্ত ৰাইজে ঠিকাদাৰ গৰাকীক আগচি ধৰাৰ উপৰিও ৰাস্তা ভাল কৰি নিদিয়া পৰ্যন্ত যাব নিদিয়াৰ ভাবুকি প্ৰদান কৰে ।
কলগাছিয়াৰ পশ্চিম মইনবড়ীলৈ যোৱা পথ নিৰ্মানত দুৰ্নীতি - কলগাছিয়া পথ নিৰ্মানত দুৰ্নীতি বাতৰি
১ কোটি ৪২ লাখ ৩৬ হেজাৰ টকা ব্যয় সাপেক্ষে মইনবড়ী সত্ৰ হৈ পশ্চিম মইনবড়ী লৈ যোৱা পথছোৱা নিৰ্মান কৰা হৈছে । কিন্তু ঠিকাদাৰ গৰাকীয়ে একেবাৰে নিম্ন মানৰ সামগ্ৰীৰে ৰাস্তাৰ কাম কৰাৰ অভিযোগ ৰাইজৰ ।
![কলগাছিয়াৰ পশ্চিম মইনবড়ীলৈ যোৱা পথ নিৰ্মানত দুৰ্নীতি Kalgachiya West Moinbori connectinng road scam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7392236-thumbnail-3x2-j.jpg)
কলগাছিয়াৰ পশ্চিম মইনবড়ীলৈ যোৱা পথ নিৰ্মানত দুৰ্নীতি
কলগাছিয়াৰ পশ্চিম মইনবড়ীলৈ যোৱা পথ নিৰ্মানত দুৰ্নীতি
উল্লেখ্য যে, ১ কোটি ৪২ লাখ ৩৬ হেজাৰ টকা ব্যয় সাপেক্ষে মইনবড়ী সত্ৰ হৈ পশ্চিম মইনবড়ী লৈ যোৱা এই পথছোৱা নিৰ্মান কৰা হৈছে । কিন্তু ঠিকাদাৰ গৰাকীয়ে একেবাৰে নিম্ন মানৰ সামগ্ৰীৰে ৰাস্তাৰ কাম কৰা অভিযোগ ৰাইজৰ । বোকা মাটিৰ ওপৰতেই পঁকী কৰা হৈছে ৰাস্তা । পথ নিৰ্মানত সংঘটিত এই দুৰ্নীতিৰ বিৰুদ্ধে বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্ত গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ।
কলগাছিয়াৰ পশ্চিম মইনবড়ীলৈ যোৱা পথ নিৰ্মানত দুৰ্নীতি