অসম

assam

By

Published : Aug 7, 2020, 9:53 AM IST

ETV Bharat / state

দুৰ্যোগৰ সন্মুখীন পশ্চিম বৰপেটাৰ পাচলি খেতিয়ক

নামনি অসমৰ পশ্চিম বৰপেটা অঞ্চলত চাৰিবাৰকৈ অহা প্ৰলয়ংকৰী বানে শ শ বিঘা পাচলি খেতি বিনস্ত কৰিছে ৷ যাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে দৰিদ্ৰ কৃষকসকলে ৷

Kalgachiya vegitable farmers are in trouble due to flood
দুৰ্যোগৰ সন্মুখীন পশ্চিম বৰপেটাৰ পাচলি খেতিয়ক

জনিয়া,7 আগষ্টঃ ৰাজ্যত এতিয়াও ঠায়ে ঠায়ে অব্যাহত আছে বানৰ বিভীষিকা ৷ আনহাতে,কিছু কিছু ঠাইত পানী শুকাইছে যদিও ক্ষতিগ্ৰস্ত হৈছে বিস্তৰ কৃষিভূমি ৷ বিশেষকৈ নামনি অসমৰ পশ্চিম বৰপেটাত চাৰিবাৰকৈ অহা প্ৰলয়ংকৰী বানে শ শ বিঘা পাচলি খেতি বিনস্ত কৰিছে ৷ যাৰ ফলত মূৰে কপালে হাত দিবলগীয়া হৈছে দৰিদ্ৰ কৃষকসকলে ৷ ঋণ পৰিশোধৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে এইসকল কৃষক ৷

দুৰ্যোগৰ সন্মুখীন পশ্চিম বৰপেটাৰ পাচলি খেতিয়ক

সমান্তৰালকৈ,পাচলি খেতিৰ লগতে শালি ধানৰ বাবেও কৃষকসকলে কঠিয়া পাৰিছিল ৷ কিন্তু বানে সকলো নষ্ট কৰাত এতিয়া পুনৰ খেতি কৰিবলৈ কৃষকসকলৰ হাতত নাই পৰ্যাপ্ত কঠিয়া ৷ এইক্ষেত্ৰত জিলা প্ৰশাসন তথা চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ সেয়েহে,পুনৰ খেতি কৰাৰ বাবে পৰ্যাপ্ত সুবিধা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে দুৰ্দশাগ্ৰস্ত কৃষকসকলে ৷

লগতে পঢ়ক-17 বছৰীয়া কিশোৰীৰ পেটৰ পৰা ওলাল ডেৰ কেজি চুলি

ABOUT THE AUTHOR

...view details