জনিয়া,8 ফেব্ৰুৱাৰীঃবৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত খাৰবাল্লী,গুনীয়ালগুৰিত দিনে-নিশাই চলে জুৱা খেলৰ ৰমৰমীয়া ব্যৱসায় ৷ ইয়াৰ উপৰিও কলগাছিয়াৰ প্ৰত্যেক হাট-বজাৰৰ অলিয়ে-গলিয়ে বিক্ৰী হয় তীৰ খেলৰ টিকট ৷ কলগাছিয়া আৰক্ষী চকীৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত তথা কলগাছিয়া বজাৰৰ মাজমজিয়াত আছে এণ্ডিং খেলৰ ঘাটি ৷ শুকুৰবাৰে কলগাছিয়াৰ এণ্ডিং খেলৰ ঘাটিত চলোৱা এক অভিযানত এই ব্যৱসায় বৰপেটাৰোডৰ জনৈক অৰবিন্দ আৰু বিকাশ নামৰ লোকে চলাই আছে বুলি কাউণ্টাৰত থকা মেনেজাৰে জানিবলৈ দিয়ে ৷ কিন্তু ৰহস্যজনকভাৱে এই সকলো অবৈধ জুৱাৰ ঘাটিৰ বিষয়ে অৱগত হৈও নীৰৱ আৰক্ষী-প্ৰশাসন ৷ সেয়েহে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বৰপেটা জিলাৰ উপায়ুক্ত,বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক আৰু কলগাছিয়া আৰক্ষীক দাবী জনাইছে সাধাৰণ ৰাইজে ৷
কলগাছিয়াত অবৈধ জুৱাৰ ব্যৱসায় - কলগাছিয়াত অবৈধ জুৱাৰ ব্যৱসায়
কলগাছিয়া আৰক্ষী চকীৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত তথা কলগাছিয়া বজাৰৰ মাজমজিয়াত আছে এণ্ডিং খেলৰ ঘাটি ৷ শুকুৰবাৰে কলগাছিয়াৰ এণ্ডিং খেলৰ ঘাটিত চলোৱা এক অভিযানত এই ব্যৱসায় বৰপেটাৰোডৰ জনৈক অৰবিন্দ আৰু বিকাশ নামৰ লোকে চলাই আছে বুলি কাউণ্টাৰত থকা মেনেজাৰে জানিবলৈ দিয়ে ৷
![কলগাছিয়াত অবৈধ জুৱাৰ ব্যৱসায় Kalgachiya illegal Gambling](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5998862-thumbnail-3x2-k.jpeg)
কলগাছিয়াত অবৈধ জুৱাৰ ব্যৱসায়
কলগাছিয়াত অবৈধ জুৱাৰ ব্যৱসায়