জনিয়া,6 জানুৱাৰী : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ডিমাপুৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা ৷ শিলভৰ্তি তীব্ৰবেগী টাটা মোবাইলে পিছৰ পৰা অহি খুন্দিয়ায় 108 এম্বুলেঞ্চক ৷ দুৰ্ঘটনাটোত এম্বুলেঞ্চত থকা দুগৰাকী মহিলা আহত হয় ৷ ইয়াৰে এগৰাকী মহিলা গৰ্ভৱতী বুলি জানিব পৰা গৈছে ৷
কলগাছিয়াৰ ডিমাপুৰত এম্বুলেঞ্চত খুন্দিয়ালে টাটা মেজিকে - kalgachiya dimapur road accident
কলগাছিয়াৰ ডিমাপুৰত সংঘটিত হৈছে পথ দুৰ্ঘটনা ৷ টাটা মেজিকে পিচৰ পৰা আহি এম্বুলেঞ্চত খুন্দিওৱাৰ ফলত দুগৰাকী মহিলা আহত হয় ৷

কলগাছিয়াৰ ডিমাপুৰত পথ দুৰ্ঘটনা
দুৰ্ঘটনাটোত বাহন দুখনৰ আংশিকভাৱে ক্ষতি হয় যদিও কথমপি ৰক্ষা পৰে মহিলা দুগৰাকী ৷ আহত মহিলাদুগৰাকীক ততাতৈয়াকৈ কলগাছিয়াৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷