কলগাছিয়া, 1 ডিচেম্বৰঃ কলগাছিয়াৰ ৰূপাকুচিৰ যুৱক আলমামুনৰ মৃতদেহ ৰহাত উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলজুৰি ৷ উল্লেখযোগ্য যে, বিগত 28 নৱেম্বৰত ৰূপাকুচি গাঁৱৰ নুৰুল ইছলামৰ পুত্ৰ আল মামুনক দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰি ৰহাৰ জোঙাল বলহু গড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ যায় ৷ মহাৰাষ্ট্ৰৰ এটা কোম্পানীত ট্ৰাক চালক হিচাপে কৰ্মৰত আছিল আল মামুন ৷ যুৱকজনে মাল ভৰ্তি ট্ৰাকলৈ মহাৰাষ্ট্ৰৰ পৰা তেজপুৰলৈ যোৱাৰ পথতে পৰিয়ালৰ লগত যোগাযোগ বিছিন্ন হয় ৷ কিছু দিন ধৰি নিৰুদ্দেশ হৈ থকা আল মামুনৰ ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰে ৷
কলগাছিয়াৰ ৰূপাকুচিৰ যুৱকৰ মৃতদেহ নগাঁৱত উদ্ধাৰ - Kalgachiya boy deathbody found at Raha
মহাৰাষ্ট্ৰৰ এটা কোম্পানীত ট্ৰাক চালক হিচাপে কৰ্মৰত আল মামুনক দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰি ৰহাৰ জোঙাল বলহু গড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ যায় ৷ শনিবাৰে আল মামুনৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই পৰিয়ালৰ লোকে মৃতদেহটো ঘৰলৈ লৈ আহে ৷
![কলগাছিয়াৰ ৰূপাকুচিৰ যুৱকৰ মৃতদেহ নগাঁৱত উদ্ধাৰ Kalgachiya boy deathbody found at Raha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5234131-thumbnail-3x2-j.jpg)
কলগাছিয়াৰ ৰূপাকুচিৰ যুৱকৰ মৃতদেহ নগাঁৱত উদ্ধাৰ
কলগাছিয়াৰ ৰূপাকুচিৰ যুৱকৰ মৃতদেহ নগাঁৱত উদ্ধাৰ
আনহাতে, শনিবাৰে আল মামুনৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই পৰিয়ালৰ লোকে মৃতদেহটো ঘৰলৈ লৈ আহে ৷ পৰিয়ালৰ লোকে যুৱকজনক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰে ৷ লগতে হত্যাকাৰীক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ৷
আৰু পঢ়ক- জোঙালবলহুত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ