বৰপেটা,15 আগষ্টঃআজি দেশজুৰি উদযাপন কৰা হৈছে 74 সংখ্যক স্বাধীনতা দিৱস ৷ কৰ’ণা মহামাৰীৰ বাবে অনাড়ম্বৰপূৰ্ণভাৱে ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈয়ে সম্পন্ন কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ সমান্তৰালকৈ, বৰপেটাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত পতাকা উত্তোলনৰ পূৰ্বে গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে মন্ত্ৰী গৰাকীয়ে ।
কৰ’ণা মহামাৰীৰ বাবেই এইবেলি সীমিত পৰিসৰত অভিবাদন জনায় আৰক্ষীয়ে । পূৰ্বৰ দৰে পেৰেড আৰক্ষীৰ বিভিন্ন বাহিনীয়ে অংশগ্ৰহণ কৰাৰ সলনি আৰক্ষী বাহিনীৰ মাথো দুটা বাহিনীয়ে অংশগ্ৰহণ কৰে ৷ আনহাতে, স্বাধীনতা দিৱস উপলক্ষে প্ৰদৰ্শন কৰা নহয় কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী ৷