জনীয়া,27 নৱেম্বৰঃবৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়া সমষ্টিৰ সদ্য প্ৰকাশিত ভোটাৰ তালিকাত দেখা গৈছে সীমাহীন বিসংগতি। ২০১৭ চনৰ পৰা ২০২০ চনলৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই নতুন ভোটাৰৰ নাম। ভি এল অ’ সকলে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত নতুনকৈ আবেদন পত্ৰ দাখিল কৰিছিল যদিও কোনো এগৰাকী নতুন ভোটাৰৰ নাম অন্তৰ্ভূক্ত নোহোৱাত আজি ১০ মাহ পাছত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা ভিএলঅ’ সকলক আবেদন পত্ৰ সমূহ ঘূৰাই দিয়া দেখা গৈছে । প্ৰাপ্ত অভিযোগ মতে, বৰপেটা নিৰ্বাচন কাৰ্যালয়ৰ লগত যোগাযোগ কৰি দুই এজনেহে নতুন ভোটৰ তালিকাত নাম আনিবলৈ সক্ষম হোৱা বুলি অভিযোগ পোৱা গৈছে।
সদ্য প্ৰকাশিত ভোটৰ খচৰা তালিকাত ব্যাপক বিসংগতিৰ অভিযোগ - বৰপেটা নিৰ্বাচন কাৰ্যালয়ৰ ঠিকা ভিত্তিক কৰ্মচাৰী
সদ্য প্ৰকাশিত ভোটাৰৰ খচৰা তালিকাত ব্যাপক বিসংগতি। বহু পুৰণা ভোটাৰৰ নাম কৰ্তন। কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়া সমষ্টিৰ ভোটৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই নতুন ভোটৰৰ নাম। ১০ মাহ পাছত ঘূৰাই দিয়া হৈছে বৈধ আবেদন পত্ৰ। সম্প্ৰতি বিভিন্ন সংগঠনে এনে কাণ্ডত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।
![সদ্য প্ৰকাশিত ভোটৰ খচৰা তালিকাত ব্যাপক বিসংগতিৰ অভিযোগ kalgachia-vote-cancle-for-local-pepole](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9685848-733-9685848-1606484858004.jpg)
বৰপেটা নিৰ্বাচন কাৰ্যালয়ৰ ঠিকা ভিত্তিক কৰ্মচাৰী (Computer Operator) অলকেশ ভূঞাই গোপন লেনদেনত এই নতুন ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্ত কৰিছে বুলি বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে । এই বিষয়ে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয় সহায়ক গোপাল বায়নে নিৰপেক্ষ তদন্ত কামনা কৰিছে । অৱশ্যে জনীয়া সমষ্টিৰ লগতে বৰপেটা জিলাৰ বিভিন্ন সমষ্টিত এই বিসংগতি দেখা দিছে । একাংশ ৰাইজৰ মতে সংখ্যালঘু ৰাইজক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে ষড়যন্ত্ৰ মূলক ভাৱে এই বিসংগতি কৰা হৈছে বুলি কলগাছিয়া জিলা আমছু আৰু চিপিআইএম নেতৃত্বই গুৰুতৰ অভিযোগ উত্থাপন কৰে । খচৰা ভোটৰ তালিকাত নাম উপাধিৰ ক্ষেত্ৰতো দেখা গৈছে বিয়াগোম বিসংগতি । এই ক্ষেত্ৰত এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে ।