জনীয়া, ২৯ এপ্ৰিল: 'এশ গৰু মাৰিলে বাঘৰো মৰণ', এই আপ্ত বাক্যশাৰী সুন্দৰকৈ মিলিছে বৰপেটাৰ কলগাছিয়াৰ এটা চোৰৰ সৈতে । অৱশেষত চুৰি কৰি থকাৰ সময়তে হাতে-লোটে কৰায়ত্ত হ'ল দীৰ্ঘদিন ধৰি অঞ্চলটোত চুৰিকাণ্ড সংঘটিত কৰি ৰাইজৰ চকুৰ টোপনি হৰণ কৰা গভাইত চোৰ ছাইদুল ইছলাম ।
দৰাচলতে অসম গ্ৰামীণ বিকাশ বেংকৰ কলগাছিয়া শাখাৰ কাৰ্যালয়ৰ কাষৰে এখন দোকানত লুটপাত চলাবলৈ গৈছিল ছাইদুলে । কিন্তু ভাগ্য বেয়া আছিল ছাইদুলৰ । দোকানৰ তলা ভাঙি নগদ ধন আৰু লোহাৰ ৰড চুৰি কৰি নিয়াৰ সময়তে দোকানৰ স্বত্বাধিকাৰীয়ে চোৰটোক প্ৰত্যক্ষ কৰে আৰু চিঞৰ-বাখৰ কৰে । লগে লগে ঘটনাস্থলীত ৰাইজ সমবেত হৈ ছাইদুলক কৰায়ত্ত কৰি উত্তম মাধ্যম সোধায় ।