অসম

assam

ETV Bharat / state

প্ৰতিবাদস্থলীলৈ যোৱা শিক্ষক বাধা প্ৰদান কলগাছিয়া আৰক্ষীৰ - ৰূপসী প্ৰাথমিক শিক্ষা খণ্ড

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত বিদ্যালয়ৰ বিত্তীয় লেন দেন আৰু তথ্য যোগানৰ পৰা বিৰত থকাৰ শপত গ্ৰহনেৰে ৰাজ্যৰ প্ৰাথমিক শিক্ষক সকলৰ প্ৰতিবাদ ৷ কিন্তু লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ খেল পথাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ লগতে মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিবলৈ ৰাওনা হোৱা শিক্ষক বাধা প্ৰদান কলগাছিয়া আৰক্ষীৰ ৷

প্ৰতিবাদস্থলীলৈ যোৱা শিক্ষক বাধা প্ৰদান কলগাছিয়া আৰক্ষীৰ
প্ৰতিবাদস্থলীলৈ যোৱা শিক্ষক বাধা প্ৰদান কলগাছিয়া আৰক্ষীৰ

By

Published : Jan 22, 2021, 12:25 PM IST

Updated : Jan 22, 2021, 2:15 PM IST

জনীয়া, 22 জানুৱাৰী: বিজেপি চৰকাৰৰ বিৰুদ্ধে কেৱল প্ৰতিবাদ আৰু প্ৰতিবাদ। কেতিয়াবা যদি দল সংগঠনৰ প্ৰতিবাদ কেতিয়াবা আকৌ শিক্ষক সকলৰ প্ৰতিবাদ। এইবাৰ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বিজেপি চৰকাৰক আখ্যা দিলে ফেচিষ্ট চৰকাৰ । কাৰণ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮৭০০ টকা গ্ৰেড পে ঘূৰাই নিদিয়াত ক্ষোভিত হৈ পৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী ৷

প্ৰতিবাদস্থলীলৈ যোৱা শিক্ষক বাধা প্ৰদান কলগাছিয়া আৰক্ষীৰ

শুকুৰবাৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত বিদ্যালয়ৰ বিত্তীয় লেন দেন আৰু তথ্য যোগানৰ পৰা বিৰত থকাৰ শপত গ্ৰহনেৰে লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ খেল পথাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ লগতে মুখ্যমন্ত্ৰীৰ বাসভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰিবলৈ ৰাওনা হৈছিল অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষকসকল ৷

কিন্তু, সমগ্ৰ অসমৰ শিক্ষক সকলৰ লগতে ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষক সকলেও প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে গুৱাহাটীলৈ যাত্ৰা কৰিছিল যদিও প্ৰতিবাদী শিক্ষক সকলক কলগাছিয়া আৰক্ষী থানাৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে । যাৰ বাবে তেওঁলোকে গুৱাহাটীলৈ যাব নোৱাৰি কলগাছিয়াৰ বামুণটাৰী চাৰি আলি চকত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে তেওঁলোকৰ দাবী সমূহ মানি লবলৈ চৰকাৰক আহ্বান জনায় ৷

লগতে পঢ়ক :ৰাইজৰ দল আৰু AJPক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান বদৰুদ্দিনৰ

Last Updated : Jan 22, 2021, 2:15 PM IST

ABOUT THE AUTHOR

...view details