কলগাছিয়া,29 জুন :কলগাছিয়াৰ ঘূগুবাৰীত সংঘটিত হৈছে এজন যুৱকৰ সন্দেহজনক হত্যাকাণ্ড । সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ঘূগুবাৰী গাঁৱৰ বুলু ফকীৰৰ পুত্ৰ ছাইফুল ইছলাম (22) নামৰ যুৱকজনক চিপজৰী থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে ৰাইজে । দক্ষিণ ঘূগুবাৰী এল পি স্কুলৰ বাৰান্দাত সংঘটিত হৈছে এই ঘটনা ।
কলগাছিয়াত যুৱকৰ সন্দেহজনক হত্যাকাণ্ড - Kalgachia Suspected Murder
মৃত যুৱকজনৰ ভৰিত থকা তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি আত্মীয়ই ইয়াক হত্যাকাণ্ড বুলি দাবী কৰিছে ।
![কলগাছিয়াত যুৱকৰ সন্দেহজনক হত্যাকাণ্ড Kalgachia Suspected Murder](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7813166-578-7813166-1593406282385.jpg)
কলগাছিয়াত যুৱকৰ সন্দেহজনক হত্যাকাণ্ড
কলগাছিয়াত যুৱকৰ সন্দেহজনক হত্যাকাণ্ড
মৃত যুৱকজনৰ ভৰিত থকা তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি আত্মীয়ই ইয়াক হত্যাকাণ্ড বুলি দাবী কৰিছে। পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি দেওবাৰে নিশা 8 বজাত ঘৰৰ পৰা যুৱকজনে বাহিৰত ওলাই আহিছিল। ঘটনাস্থলীত সৰভোগ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।
লগতে পঢ়ক: গণ সংক্ৰমণৰ দিশে যোৰহাট