জনীয়া, 14 নৱেম্বৰ :গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি (Students Protest in Barpeta)। ছাত্ৰ-ছাত্ৰীৰ পৰা বিদ্যালয়খনৰ অধ্যক্ষ আব্দুৰ ৰৌফে অধিক মাচুল সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ তৰিছে বিদ্যালয়খনত অধ্যয়নৰত একাংশ শিক্ষাৰ্থীয়ে ৷
অভিযোগ অনুসৰি, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অন্তৰ্গত বৰপেটা জিলাৰ গুনিয়ালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ প্ৰায় 4 শতাধিক শিক্ষাৰ্থীৰ পৰা অধ্যক্ষ আব্দুৰ ৰৌফে বিভিন্ন অজুহাত দি সংগ্ৰহ কৰিছে অধিক মাচুল ৷
আনকি অধ্যক্ষ আব্দুৰ ৰৌফে নাম ভৰ্তিৰ নামত 750 টকা সংগ্ৰহ কৰাৰ লগতে মাছুল দিব নোৱাৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত বহিবলৈ নিদিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত এই সকলো অভিযোগ নস্যাৎ কৰিছে বিদ্যালয়খনৰ অধ্যক্ষ আব্দুৰ ৰৌফে ৷