জনীয়া,১৩ মাৰ্চ :ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে এতিয়া অসমৰ চাৰিওফালে প্ৰতিবাদ আৰম্ভ হৈছে (Protest against education department)। অসমৰ ১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ সিদ্ধান্তৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ বিৰুদ্ধে প্ৰতিখন জিলাতে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই বিষয়বোৰ উল্লেখ কৰি অসমৰ শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে (SMSS send memorandum)। স্মাৰক পত্ৰৰ জৰিয়তে চৰকাৰী বিদ্যালয় বন্ধৰ সিদ্ধান্ত বাতিলৰ লগতে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সম্পৰ্কে তদন্তৰ দাবী জনায় ।
উল্লেখ্য যে যোৱা ১৪ ফেব্ৰুৱাৰী তাৰিখে অসম মাধ্যমিক শিক্ষা পৰিষদে এখন জাননীৰ জৰিয়তে অসমৰ ১০০ৰো অধিক বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰাৰ কথা ঘোষণা কৰিছে । বেয়া ফলাফলৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁলোকে জনাইছে । এইদৰে বেয়া ফলাফলৰ অজুহাত দেখুৱাই চৰকাৰী বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰা এই সিদ্ধান্তৰ বিৰোধিতা কৰিয়ে কলগাছিয়া মহকুমা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।
এই সিদ্ধান্তই শিক্ষাৰ ব্যক্তিগতকৰণতহে উদগনি যোগাব বুলি সন্দেহ কৰিছে সংগঠনটোৱে (Accreditation of school cancelled)। এখন চৰকাৰী বিদ্যালয়ে যদি বেয়া ফলাফল কৰিছে তেন্তে সেই বিদ্যালয়খনৰ ফলাফল ভাল কৰিবলৈ চৰকাৰে উদ্যোগ লোৱা উচিত । তাৰ সলনি বিদ্যালয়ৰ স্বীকৃতি বাতিল বা বিদ্যালয় বন্ধ কৰি দিয়াটো কেতিয়াও তাৰ সমাধান হ'ব নোৱাৰে বুলি দাবী কৰে সংগঠনটোৱে ।