অসম

assam

ETV Bharat / state

কলগাছিয়াৰ বগুলামাৰীত ৰাজ্যিক ঘাই পথত ওলাইছে সুৰংগ - বঙাইগাঁও জিলা

গৌতম কনষ্ট্ৰাকচন নামৰ নিৰ্মাণ কোম্পানীক অৰ্পণ কৰা হৈছিল উক্ত পথছোৱা নিৰ্মাণৰ কাম। সম্প্ৰতি কোম্পানীটোৱে নিজৰ অধিক মুনাফা আদায়ৰ বাবে অতি নিম্ন মানৰ ৰাস্তাৰ কাম কৰাত দুই এজাক বৰষুণতেই ঠায়ে ঠায়ে খহি গৈ আছে এই গুৰুত্বপূৰ্ণ ৰাস্তা । আনকি পথটোৰ তিতাপানী মিনি পিএইচছিৰ সমীপত ওলাইছে প্ৰকাণ্ড সুৰংগ।

কলগাছিয়াৰ বগুলামাৰীত ৰাজ্যিক ঘাই পথত ওলাইছে সুৰংগ
কলগাছিয়াৰ বগুলামাৰীত ৰাজ্যিক ঘাই পথত ওলাইছে সুৰংগ

By

Published : Jul 3, 2021, 8:29 PM IST

জনীয়া, 3 জুলাই :উন্নয়ন আৰু পৰিৱৰ্তন এই সংকল্পৰে অসমত পুনৰবাৰ ক্ষমতাত আহিল বিজেপি চৰকাৰ । কিন্তু উন্নয়ন আৰু পৰিৱৰ্তন এই দুটা সংকল্প ধূলিসাৎ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে বিভিন্ন সময়ত । তাৰ মাজতে পোহৰলৈ আহিছে বঙাইগাঁও জিলাৰ (Bangaigaon District) উত্তৰ শালমাৰা পৰা অভয়াপুৰী, বৰপেটা হৈ আমিনগাঁও লৈ যোৱা পথছোৱা নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ প্ৰসংগ ৷

কলগাছিয়াৰ বগুলামাৰীত ৰাজ্যিক ঘাই পথত ওলাইছে সুৰংগ

উল্লেখযোগ্য যে, বিকল্প দ্বিতীয় ৰাজ্যিক ঘাই পথছোৱা বিগত তিনি বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল । মন কৰিবলগীয়া যে, গৌতম কনট্ৰাকচন নামৰ নিৰ্মাণ কোম্পানীক অৰ্পণ কৰা হৈছিল উক্ত পথছোৱা নিৰ্মাণৰ কাম । সম্প্ৰতি কোম্পানীটোৱে নিজৰ অধিক মুনাফা আদায়ৰ বাবে অতি নিম্ন মানৰ ৰাস্তাৰ কাম কৰাত দুই এজাক বৰষুণতেই ঠায়ে ঠায়ে খহি গৈ আছে এই গুৰুত্বপূৰ্ণ পথছোৱা । আনকি পথটোৰ তিতাপানী মিনি পিএইচছিৰ সমীপত ওলাইছে প্ৰকাণ্ড সুৰংগ ।

উল্লেখ্য যে, উক্ত ঠাই ডোখৰত পূৰ্বে কাঠৰ দলং আছিল । ঘাই পথ নিৰ্মাণৰ সময়ত কোম্পানীয়ে আৰ চি চি ব্ৰীজ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে কালভাৰ্ট বহুৱাই দিয়াত বিগত সময়ছোৱাত পথটো বহি গৈ সুৰংগ ওলাইছিল ।

কলগাছিয়াৰ বগুলামাৰীত ৰাজ্যিক ঘাই পথত ওলাইছে সুৰংগ

ইপিনে কৰ্তৃপক্ষই পথচোৱা নাম মাত্ৰ মেৰামতি কৰাৰ বাবে এইবেলি বাৰিষাৰ প্ৰাকক্ষণতেই পুনৰ সুৰংগ ওলাই যাতায়ত ব্যৱস্থা ব্যাহত কৰি পেলাইছে ৷ আনহাতে, স্থানীয় ৰাইজ আৰু লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথছোৱা শীঘ্ৰে মেৰামতিৰ কৰিবলৈ দাবী জনাইছে প্ৰতিবাদ সাৱ্যস্ত কৰিছে । উপায়ন্তৰ হৈ স্থানীয় ৰাইজে পথছোৱা বিজ্ঞান সন্মতভাৱে মেৰামতি কৰাৰ বাবে চৰকাৰক দাবী জনাইছে অন্যথা জংগী আন্দোলন গঢ়ি তোলিবলৈ বাধ্য হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়কঃ এতিয়া ৰাইফল অ’মেনে নিয়ন্ত্ৰণ কৰিব জম্মু-কাশ্মীৰৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details