অসম

assam

ETV Bharat / state

কলগাছিয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি - protest

কলগাছিয়াৰ টাপেশ্বৰা গাঁও পঞ্চায়তত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । সভানেত্ৰী ৰেহেনা খাতুন আৰু পঞ্চায়ত সদস্যৰ বিৰুদ্ধে আঁচনিৰ ধন আত্মসাৎ কৰাৰ উঠিছে অভিযোগ । তদন্তৰ দাবীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷

কলগাছিয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি
কলগাছিয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

By

Published : Jun 7, 2021, 12:28 PM IST

জনীয়া,7 জুন: বৰপেটা জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬৪ নং টাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুন আৰু ৱাৰ্ড সদস্য নুৰুল আমিনৰ বিৰুদ্ধে উত্থাপিত হৈছে ব্যাপক দুৰ্নীতিৰ অভিযোগ । পথ নিৰ্মাণৰ নামত সংঘটিত দুয়োগৰাকীয়ে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে গাঁৱখনৰ ৰাইজে ৷

তথ্য অনুসৰি, চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত ৭ লাখ টকা ব্যয় সাপেক্ষে নুৰুল ইছলাম নামৰ লোকজনৰ বাসগৃহৰ পৰা টাপেশ্বৰা গড়কাপ্তানী পথলৈ মেৰামতি কৰা পথৰ নামত সংঘটিত হৈছে এই দুৰ্নীতি । পথচোৱা মেৰামতি কৰিবলৈ শিল-বালি পেলোৱাৰ নামত ৭ লাখ টকা ধাৰ্য কৰা হৈছিল যদিও নিম্নমানৰ শিল-বালি পেলাই সমুদায় ধন সভানেত্ৰী আৰু ৱাৰ্ড সদস্য নুৰুল আমিনে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে । অধিক লাভৰ বাবে পথচোৱাৰে ওখ অংশৰ পৰা মাটি খান্দি দিয়াৰহে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

কলগাছিয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

ইয়াৰ উপৰিও এম জি এনৰেগা আঁচনিৰ জৰিয়তে নুৰুল ইছলামৰ বাসগৃহৰ পৰা আব্দুৰ ৰহমানৰ ঘৰলৈ ৪ লাখ ১৭ হেজাৰ ২৯ টকা আৰু আব্দুল বাছেৰৰ ঘৰৰ পৰা মমিন ভূঞাৰ ঘৰলৈ যোৱা পথত ৮ লাখ ১৭ হেজাৰ ৩ শ ৬৩ টকা ব্যয়েৰে মাটি দিয়াৰ নামত অহা সকলো ধন সভানেত্ৰী-সদস্যই আত্মসাৎ কৰিছে বুলি অভিযোগ কৰে গাঁৱখনৰ ৰাইজে ।

কলগাছিয়াত পথ নিৰ্মাণৰ নামত দুৰ্নীতি

উক্ত পথচোৱা নিম্ন মানৰ সামগ্ৰীৰে বনোৱাৰ বাবে সদ্য নিৰ্মিত দুৰ্বল কালভাৰ্টটো নিৰ্মাণৰ কিছুদিনৰ পিছতে ভাঙি পৰে । ইয়াৰ লগতে আব্দুৰ ৰহমানৰ ঘৰলৈ যোৱা পথটো অৰ্ধনিৰ্মিত অৱস্থাত থৈ অধিকাংশ টকা আত্মসাৎ কৰাত বোকা-পানী গচকি যাতায়াত কৰিবলগা হৈছে ৰাইজে । স্থানীয় ৰাইজে তিনিওটা কামৰে তদন্তৰ দাবী উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

অন্য এক খবৰৰ বাবে:পথৰ দুৰৱস্থা: ঠেলি ঠেলি পাৰ কৰিবলগা হৈছে এম্বুলেঞ্চ

ABOUT THE AUTHOR

...view details