অসম

assam

By

Published : Nov 20, 2020, 11:30 AM IST

ETV Bharat / state

কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা

কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে কণ-কণ শিশু, মহিলা, যুৱক-বৃদ্ধ সকলোৰে বিপদ সংকুল যাত্ৰা । ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা । বেকী নৈৰ সুঁতিত দলং নিৰ্মাণৰ দাবী ৰাইজৰ ।

kalgachia-risky-boat-travel
কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা

জনীয়া,20 নৱেম্বৰঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেকী নৈৰ সুঁতিত চলিছে নাৱেৰে বিপদ সংকুল যাত্ৰা । মৰণক শৰণ দি টুলুঙা নাৱেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে। চৰকাৰ আহিল, চৰকাৰ গ'ল; কিন্তু গাঁৱলীয়া ৰাইজৰ পৰিৱৰ্তন নহ’ল ।

কলগাছিয়াৰ খাৰবাল্লীত টুলুঙা নাৱেৰে বিপদ সংকুল যাত্ৰা

উল্লেখযোগ্য যে, খাৰবাল্লীৰ পৰা ডাউকমাৰী, সুতিৰপাথাৰলৈ যোৱা ৰাস্তাটো বানে উটুৱাই নিয়াৰ পিছৰে পৰাই দৈনিক এইদৰে বেকী নদীৰ সুঁতিৰে শ শ কণ-কণ শিশু, মহিলা, যুৱক-বৃদ্ধ সকলোৱে ঈশ্বৰৰ নাম লৈ মৰণক শৰণ দি টুলুঙা নাৱেৰে নদী পাৰাপাৰ হ’ব লগীয়া হৈছে । এনে বিপদ সংকুল যাত্ৰাপথত অধিক যাত্ৰীৰে ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। সেয়ে শীঘ্ৰে খাৰবাল্লীত বেকী নৈৰ সুতিত এখন দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ভূক্তভোগী ৰাইজে ।

লগতে পঢ়কঃ মৰিগাঁৱত নকল টকা বনোৱা মেচিনসহ গ্ৰেপ্তাৰ পাঁচ

ABOUT THE AUTHOR

...view details