জনীয়া,২৬ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন প্ৰান্তটো গণৰাজ্য় দিৱস পালন কৰা হয় । বৰপেটা জিলাৰ কলগাছিয়াটো বিশেষ কাৰ্যসূচীৰে আয়োজন কৰা হয় ৭২ সংখ্য়ক গণৰাজ্য় দিৱস । কলগাছিয়া মহকুমা ভিত্তিত আয়োজিত গণৰাজ্য় দিৱসত পতাকা উত্তোলন কৰে কলগাছিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিশ্বজিত দত্তই । অনুষ্ঠানত পেৰেডৰ প্ৰদৰ্শনৰ লগতে বিহু নৃত্য আৰু সাংস্কৃতিক কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। সমান্তৰালকৈ বিশেষ দিনটোত মুক্তি যুজাৰু ৰামকুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
কলগাছিয়াত ৭২তম গণৰাজ্য দিৱস উৎযাপন - গণৰাজ্য় দিৱসত পতাকা উত্তোলন কৰে কলগাছিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিশ্বজিত দত্তই
কলগাছিয়া মহকুমা ভিত্তিত আয়োজিত গণৰাজ্য় দিৱসত পতাকা উত্তোলন কৰে কলগাছিয়াৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি বিশ্বজিত দত্তই । কলগাছিয়াৰ AIUDFৰ কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰে জনীয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে ।
কলগাছিয়াত ৭২ তম গণৰাজ্য দিৱস উৎযাপন
ইফালে বৰপেটাত গণৰাজ্য় দিৱসৰ লগত সংগতি ৰাখি দল,সংগঠন আৰু ভিন্ন প্ৰতিস্থানত পতাকা উত্তোলন কৰা হয়। কলগাছিয়াৰ AIUDFৰ কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰে জনীয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে । পতাকা উত্তোলনৰ পিছতে কৃষি আইন আৰু ডিটেনশ্বন কেম্প সন্দৰ্ভত গুৰুত্ব মন্তব্য় কৰাৰ লগতে চৰকাৰক সমালোচনা কৰে বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক :তেজপুৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী কেশৱ মহন্তই