জনিয়া, 23 মাৰ্চ :বৰপেটা জিলাৰ কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কাউৰজাহী গাঁৱত বেকী নৈৰ এই খৰালি কালতো অব্যাহত আছে গৰাখহনীয়া (Erosion of Beki river at Kalgachia) ৷ যাৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷
জানিব পৰা মতে, বিগত বৰ্ষত বাৰিষাৰ কালছোৱাত বেকী নৈয়ে কৰা বিধ্বংসী গৰাখহনীয়াৰ ফলত চলচলীয়া, বৰদাংগা, কমাৰপাৰা, গুইলেজা, মোৱামাৰী, কাউৰজাহি, বলাইপাথাৰ, খাৰবাল্লী, সুতিৰপাথাৰ আৰু শওপুৰ আদিকে ধৰি তেৰখনকৈ ৰাজহ গাঁও, বঙাইগাঁও-আমিনগাঁও সংযোগী ৰাজ্যিক ঘাইপথৰ লগতে অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ ভেঁটি বেকী নৈত জাহ গৈছিল ৷
বেকী নদীৰ গৰাখহনীয়াৰ তীব্ৰ ভাবুকি পিছে এনে পৰিস্থিতিৰ পিছতো চৰকাৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে নৈপৰীয়া ৰাইজে ৷ ইফালে কলগাছিয়া প্ৰেছ ইউনিয়ন আৰু নিখিল ভাৰত কৃষক সভাৰ এটা সজাতি দলে এই অঞ্চলসমূহৰ ক্ষেত্ৰ ভিত্তিক ভ্ৰমণ কৰি চৰকাৰক অনতিপলমে খহনীয়া প্ৰতিৰোধ কৰিবলৈ আহ্বান জনায় (Kalgachia press union demanding prevention of erosion of Beki river)।
উল্লেখ্য যে, বছৰ বছৰ ধৰি বেকী নৈৰ বান আৰু খহনীয়াত উচন হৈছে বহু পৰিয়াল ৷ কিন্তু আজিলৈকে নৈখনৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ কোনো এখন চৰকাৰেই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক :Teacher accused of molestation: এশ টকাৰ বিনিময়ত ছাত্ৰীক বিবস্ত্ৰ হ’বলৈ ক’লে শিক্ষকে !