কলগাছিয়া, 25 আগষ্ট :কলগাছিয়াত তিনিজনকৈ ভুৱা সাংবাদিক আটক । কলগাছিয়াৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াৰ ওচৰত কৰিছিল ধনদাবী । তিনিওজনকে আটক কৰি গতাই দিলে আৰক্ষীক ।
কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত আজি তিনি ভুৱা সাংবাদিকে চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াৰ পৰা ধন দাবী কৰিবলৈ আহি আটক হয় । ভুৱা সাংবাদিক তিনিগৰাকী গুৱাহাটী চহৰৰ পৰা আহিছে বুলি জানিব পৰা গৈছে । ভুৱা সাংবাদিক হিচাপে অভিযুক্ত তিনিজন হ’ল ক্ৰমে- নৱ কুমাৰ দাস, দিলীপ তালুকদাৰ আৰু লক্ষ্মণ হুছেইন । লক্ষ্মণ হুছেইন বোলাজনে আকৌ সাংবাদিকৰ আগত নামটো এবাৰ ক’লে লক্ষ্মণ হুছেইন এবাৰ ক’লে লোকমান হুছেইন ৷
আছাম ষ্টেট জাৰ্ণালিষ্ট ইউনিয়নৰ সদস্য বুলি পৰিচয় দিছিল ভুৱা সাংবাদিক হিচাপে অভিযুক্ত তিনিজন লোকে । উল্লেখ্য যে, এই তিনিওজন লোকে কিছুদিন ধৰি কলগাছিয়াৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াৰ পৰা ইউনিয়নৰ মিটিং আছে বুলি কৈ ফোনযোগে ধন দাবী কৰি আহিছিল । আজি ধন নিবলৈ তিনিও চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ।