অসম

assam

ETV Bharat / state

জনীয়াৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ তালাচী - জনীয়া সমষ্টি

জনীয়া সমষ্টিৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ তালাচী অভিযান ৷ সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে চলিছে এই তালাচী অভিযান ৷ প্ৰতিখন চাৰিচকীয়া বাহন তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে ৷

kalgachia police carried operation in different parts of jania constituency
জনীয়াৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ তালাচী

By

Published : Mar 13, 2021, 7:09 AM IST

জনীয়া, 13 মাৰ্চ:সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি জাৰি থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ব্যাপক তালাচী অভিযান গঢ়ি তুলিছে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে শুকুৰবাৰে জনীয়া সমষ্টিৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ব্যাপক তালাচী অভিযান চলাই ৷

নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি শুকুৰবাৰে সমষ্টিটোৰ কলগাছিয়া, টি এন ডি, বামুন্টাৰী, গুনীয়াগুৰি আদি অঞ্চলৰ ৰাজপথত পুনাৰ পৰা সন্ধিয়ালৈকে আৰক্ষীয়ে প্ৰতিখন চাৰিচকীয়া বাহনত তন্ন তন্নকৈ তালাচী অভিযান চলোৱা পৰিলক্ষিত হয় ৷

প্ৰতিখন চাৰিচকীয়া বাহন তন্ন তন্নকৈ পৰীক্ষা কৰিছে আৰক্ষীয়ে

উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি আৰক্ষী বিভাগ সষ্টম হৈ উঠিছে ৷ মূলতঃ এই বাহনসমূহে যাতে কোনো আপত্তিজনক সামগ্ৰী সৰহবৰাহ কৰিব নোৱাৰে আৰু লগতে ভোটাৰৰ মন যাতে বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই তালাচী অভিযান চলোৱা হৈছে ৷

27 মাৰ্চৰ পৰা অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পৰিৱৰ্তে 1 আৰু 6 এপ্ৰিলত ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

লগতে পঢ়ক:শিলচৰত বৃহৎ পৰিমাণৰ ধন আৰু সুৰা জব্দ

ABOUT THE AUTHOR

...view details