জনীয়া, 31 জানুৱাৰী : দ্ৰুত গতিত বৃদ্ধি পোৱা পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৰপেটাৰ জনীয়াত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ৷ বিগত দিনৰ পৰা আন আন দল সংগঠনৰ লগতে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে প্ৰতিবাদ কৰি আহিছে যদিও বজাৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰ ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে জনীয়াত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ - kalgachia pm effigy burned
বৰপেটাৰ জনীয়াত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ ৷ পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছৰ কৰ্মীসকলে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে জনীয়াত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে জনীয়াত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
উল্লেখ্য যে, বিভিন্ন কৌশলেৰে দেশৰ সম্পদসমূহ বিক্ৰী কৰাৰ চেষ্টা কৰা চৰকাৰখনে শেহতীয়াভাৱে প্ৰণয়ন কৰা নতুন কৃষি আইনৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছীসকলে ৷ চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি কলগাছিয়াৰ পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে চৰকাৰক কঠোৰভাৱে সমালোচনা কৰাৰ লগতে কৃষি আইন বাতিল আৰু পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।
লগতে পঢ়ক:কিহৰ বাবে লুৰিণ-অখিলৰ সঁহাৰি বিচাৰিলে গৌৰৱ গগৈয়ে ?
Last Updated : Jan 31, 2021, 11:34 AM IST