অসম

assam

ETV Bharat / state

নৰেন্দ্ৰ মোদী হায় হায় ধ্বনিৰে উত্তাল কলগাছিয়া - পুঁজিপতিৰ চৰকাৰ

বিজেপি চৰকাৰে কেতিয়াও কোনো কৃষক তথা খাটি খোৱা সাধাৰণ লোকৰ বাবে কল্যাণ কৰিব নোৱাৰে; ক’লে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই ৷

Kalgachia PM Effigy Burn
কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ

By

Published : Sep 26, 2020, 5:58 PM IST

জনীয়া,26 ছেপ্তেম্বৰঃ বিজেপি শাসিত চৰকাৰৰ দ্বাৰা গৃহিত কৰা কৃষক বিৰোধী আইনখন প্ৰনয়ণৰ বিৰুদ্ধে শনিবাৰে কলগাছিয়াত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে । কেন্দ্ৰীয় বিজেপি নেতৃত্বাধীন চৰকাৰ খন কেতিয়াও কৃষকৰ পক্ষৰ নহয় বুলি উল্লেখ কৰাৰ লগতে চৰকাৰখন পুঁজিপতিৰহে চৰকাৰ বুলি ক'লে প্ৰতিবাদকাৰী সকলে। বিজেপি চৰকাৰে কেতিয়াও কোনো কৃষক তথা খাটি খোৱা সাধাৰণ লোকৰ বাবে কল্যাণ কৰিব নোৱাৰে; ক’লে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই ৷

কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ

ইপিনে নিত্য প্ৰয়োজনীয় অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ তালিকাৰ পৰা বাদ দিয়া, দেশৰ ৰাজহুৱা সম্পত্তি সমূহ বিক্ৰী কৰাৰ দৰে কাৰ্যৰ ঘোৰ বিৰোধিতা কৰিলে প্ৰতিবাদকাৰী সকলে ৷ কৃষক বিৰোধী নীতি আইন বাতিল কৰিব লাগিব, কৃষক বিৰোধী বিল মানি লোৱা নহ’ব, কৃষকৰ শত্ৰু এই চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়কঃভূমিস্খলনত মৃত্যু দুই মহিলা ক্ৰিকেটাৰৰ , তিনি সন্ধানহীন

ABOUT THE AUTHOR

...view details