জনীয়া,26 মাৰ্চ:বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে যদিও ধন বল বাহু বলেৰে একাংশ প্ৰাৰ্থীয়ে ভোটাৰ ৰাইজক বিপথে পৰিচালিত কৰিব পাৰে বুলি সষ্টম হৈ পৰিছে নিৰ্বাচন আয়োগ ৷ ফলত ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ব্যাপক তৎপৰতাৰে ৰাজ্যৰ আৰক্ষী বিভাগে আৰম্ভ কৰিছে তালাচী অভিযান ।
কলগাছিয়াত বৰপেটা আৰক্ষীৰ তালাচী অভিযান - নিৰ্বাচনক কেন্দ্ৰ কৰি জনীয়া
বিধাসভা নিৰ্বাচনক কেন্দ্ৰ কৰি জনীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বৰপেটা আৰক্ষীৰ তালাচী অভিযান ।
![কলগাছিয়াত বৰপেটা আৰক্ষীৰ তালাচী অভিযান কলগাছিয়াত বৰপেটা আৰক্ষীৰ তালাচী অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11171849-613-11171849-1616768211505.jpg)
কলগাছিয়াত বৰপেটা আৰক্ষীৰ তালাচী অভিযান
কলগাছিয়াত বৰপেটা আৰক্ষীৰ তালাচী অভিযান
শুকুৰবাৰে জনীয়া সমষ্টিৰ কৰাৰকুৰ বেকী দলঙৰ কাষত তালাচী চলাইছে অভিযানকাৰী দলে। প্ৰতিখন চাৰিচকীয়া আৰু দুচকীয়া বাহনত তন্ন তন্নকৈ চলাইছে তালাচী অভিযান । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে এই গাড়ী সমূহে যাতে কোনো আপত্তিজনক সামগ্ৰী সৰবৰাহ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান চলোৱা হৈছে ।
লগতে পঢ়কঃ ভোট দিয়ক আৰু সহকাৰী আয়ুক্ত হোৱাৰ সুযোগ লাভ কৰক...