জনীয়া,15 অক্টোবৰ : কলগাছিয়া সাংবাদিক সন্থাৰ বিশেষ সফলতা । 24 ছেপ্তেম্বৰত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলাৰ সন্ধানহীন হোৱা আবুল কালাম আজাদৰ মৃতদেহ উদ্ধাৰ হয় সুঁতিৰপাথাৰ বেঁকী নদীত ৷ 9 অক্টোবৰত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ জ্যোতি দাস আৰু হাউলী আৰক্ষী থানাৰ আৰক্ষীৰ উপস্থিতত মৃতদেহ উদ্ধাৰ কৰা হয় মৃতদেহটো ৷
উল্লেখ্য যে,আবুল কালাম আজাদক হত্যা কৰি বস্তাত ইটা ভৰাই বান্ধি নদীত ডুবাই দিয়া হৈছিল । আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে যদিও পানীৰ পৰা ইটাৰ বস্তা উদ্ধাৰ নকৰাত ৰহস্য লুকাই থকাৰ সন্দেহ প্ৰকাশ কৰে কলগাছিয়া সাংবাদিক সন্থাই ৷ এই সন্দৰ্ভত আৰক্ষীৰ ভাষ্য সংগ্ৰহ কৰিবলৈ যাওঁতে আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি দাসে সহযোগিতা কৰিবলৈ অমান্তি হোৱা বুলি সাংবাদিক সন্থাই জানিবলৈ দিয়ে । ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰা স্থানৰ পৰা আৰক্ষীয়ে ইটা ভৰ্তি দুটাকৈ বস্তা উদ্ধাৰ কৰিছে ৷