জনীয়া,18জানুৱাৰী: সম্পত্তি লাভৰ বাবে কলগাছিয়াৰ বৰভিঠা আৰক্ষী চকীৰ অন্তৰ্গত বনঘুগী গাঁৱত ম'ৰেল পুলিচৰ বলি হ'ল এগৰাকী বিধৱা মহিলা ৷ জানিব পৰা মতে,যোৱা 2জানুৱাৰীত সংঘটিত হৈছিল এই অমানৱীয় ঘটনা ৷ বিধৱা মহিলাগৰাকীৰ অভিযোগ স্বামী গৃহৰ লোকে চক্ৰান্তৰে মিছা অপবাদ দি ৰছীৰে বান্ধি মাৰপিট কৰিছিল ৷ কিন্তু স্থানীয় লোকে তৎপৰতাৰে মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰে৷ তদুপৰি মহিলাগৰাকীৰ অভিযোগ,স্বামীৰ মৃত্যুৰ পিছৰে পৰা মহিলাগৰাকীক স্বামীৰ ককায়েক-ভায়েকে নিৰ্যাতন চলাই আহিছিল ৷
কলগাছিয়াত ম'ৰেল পুলিচৰ ঘটনাঃ বিধৱা মহিলাক ৰছীৰে বান্ধি মাৰপিট - বৰভিঠা আৰক্ষী চকী
সম্পত্তি লাভৰ বাবে কলগাছিয়াৰ বৰভিঠা আৰক্ষী চকীৰ অন্তৰ্গত বনঘুগী গাঁৱত ম'ৰেল পুলিচৰ বলি হ'ল এগৰাকী বিধৱা মহিলা ৷ যোৱা 2জানুৱাৰীত স্বামী গৃহৰ লোকে চক্ৰান্তৰে মিছা অপবাদ দি ৰছীৰে বান্ধি মাৰপিট কৰে বিধৱা মহিলা গৰাকীক ৷ কিন্তু অভিযুক্তৰ বিৰুদ্ধে নৰম স্থিতি আৰক্ষীৰ ৷

ইপিনে যোৱা 2জানুৱাৰীত এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সাংবাদিকে বাতৰি সংগ্ৰহ কৰাৰ পিছতেই 17জানুৱাৰীত ম'ৰেল পুলিচৰ সৈতে জড়িত স্বামী পৰিয়ালৰ বাদশ্বা মিঞা,ময়নাল হক, চাইদুল ইছলাম,মফিদুল ইছলামকে ধৰি চাৰিজনকৈ লোকক আৰক্ষীয়ে আটক কৰিছিল ৷ কিন্তু ৰহস্যজনকভাৱে বৰভিটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ হাজৰিকাই চাৰিজনক আটক কৰি জামিনত মুকলি কৰি দিয়ে ৷ ইয়াকে লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ শীঘ্ৰে আটাইকেইজন ম'ৰেল পুলিচৰূপী অভিযুক্তক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে মহিলা গৰাকীৰ পিতৃ আৰু মহিলা গৰাকীয়ে ।
লগতে পঢ়কঃগুজৰাটত মেট্ৰ' ৰে'ল প্ৰকল্পৰ ভূমি পূজনত অংশ ল'লে প্ৰধানমন্ত্ৰীয়ে