অসম

assam

বিদ্যুৎ বিভাগৰ অৱহেলা: বিগত পোন্ধৰ দিনে অন্ধকাৰত ডুবি আছে চাৰিখনকৈ গাঁও

By

Published : Sep 5, 2022, 1:40 PM IST

অনিয়মীয়া বিদ্যুৎ যোগানে দীৰ্ঘদিনৰ পৰা জ্বলা-কলা খুৱাই আহিছে কলগাছিয়াবাসীক ৷ বাৰিষা তথা গ্ৰীষ্ম ঋতু অহাৰ লগে লগে বিদ্যুতৰ লুকা-ভাকুৱে অতিষ্ঠ কৰি তুলিছে চাৰিখনকৈ গাঁৱৰ ৰাইজক ৷

Kalgachia Locals Demand for regularizing of electricity supply
বিগত পোন্ধৰ দিনে অন্ধকাৰত ডুবি আছে চাৰিখনকৈ গাঁও

জনীয়া, 5 ছেপ্তেম্বৰ: বিদ্যুৎ বিভাগৰ ঠিকাদাৰ আৰু প্ৰৱন্ধকৰ চূড়ান্ত অৱহেলাৰ ফল ভূগিব লগা হৈছে সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়াৰ চাৰিখনকৈ গাঁও ৷ প্ৰায় পোন্ধৰ দিন ধৰি অন্ধকাৰত ডুবি থকাৰ ফলত পূব বলাইপাথাৰ, খাৰবাল্লী, কাউৰজাহী, সুতিৰপাথাৰৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে (No electricity for last 15 days)

স্থানীয় ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ বিচাৰি বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো বিদ্যুৎ বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে ৷ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে অসম চৰকাৰ হায় হায়, বিদ্যুৎ বিভাগ হায় হায়, আদি বিভিন্ন শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উত্তাল কৰি তোলে (Protest at Kalgachia) ।

বিগত পোন্ধৰ দিনে অন্ধকাৰত ডুবি আছে চাৰিখনকৈ গাঁও

নিয়মিত বিদ্যুৎ যোগান নধৰাৰ ফলত প্ৰচণ্ড গৰমত নাজল নাথল অৱস্থা হৈছে ৰাইজৰ । লগতে পোহৰৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰতো বহু সমস্যাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ বিচাৰি বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো শক্তি বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে । ইফালে কেৰাচিন ক্ৰয় কৰিবলৈ সক্ষম নোহোৱাত অন্ধকাৰতেই থাকিব লগা হৈছে ৰাইজে । অতি শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ এই প্ৰতিবাদকাৰীসকলে আহ্বান জনায়।

উল্লেখ্য যে, বিগত বানত বলাইপাথাৰ ছলোবজাৰৰ কাষতে থকা বেকী নদীৰ গৰাখহনীয়াই বিদ্যুতৰ খুঁটা ভাঙি পেলোৱাৰ ফলত বিচ্ছিন্ন হৈ পৰিছে বিদ্যুৎ সেৱা । সেয়ে নতুনকৈ খুঁটা পুতি সোনকালে বিদ্যুৎ যোগান ধৰি অঞ্চলটো অন্ধকাৰৰ পৰা ৰক্ষা কৰিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনাইছে ভূক্তভোগী ৰাইজে (Demand for regularizing of electricity supply) ।

লগতে পঢ়ক:BREAKING NEWS: মাজুলীৰ শালমৰাত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details