অসম

assam

ETV Bharat / state

কলগাছিয়াৰ কোকিলা পূবপাৰা হাই মাদ্ৰাছাত দানৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ভৰ্তিমাচুল সংগ্ৰহ - কোকিলা পূব পাৰা হাই মাদ্ৰাছাত ডনেশ্বনৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ভৰ্তিমাচুল সংগ্ৰহ

শিক্ষা অধিকাৰ আইন খৰ্ব কৰি কলগাছিয়াত ডনেশ্বনৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ভৰ্তিমাচুল সংগ্ৰহ কৰিছে কোকিলা পূবপাৰা হাই মাদ্ৰাছাৰ অধীক্ষকে ৷

Kalgachia Kokila Pubpara High Madrasa Corruption of Admission Fee
কলগাছিয়াৰ কোকিলা পূব পাৰা হাই মাদ্ৰাছাত ডনেশ্বনৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ভৰ্তিমাচুল সংগ্ৰহ

By

Published : Jan 20, 2020, 9:20 PM IST

জনীয়া,20 জানুৱাৰীঃকলগাছিয়াৰ কোকিলা পূবপাৰা হাই মাদ্ৰাছাত ডনেশ্বনৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ভৰ্তিমাচুল সংগ্ৰহ । ধোঁৱা চাঙত পৰিণত শিক্ষাৰ অধিকাৰ আইন। বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰ ঠাইত নাম ভৰ্তিত মাচুল সংগ্ৰহ কৰি লুন্ঠনৰাজ চলাইছে অধীক্ষক নাছিৰ উদ্দিন আহমেদে । বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰ ঠাইত নাম ভৰ্তি মাচুল সংগ্ৰহ কৰি লুন্ঠনৰাজ চলাইছে অধীক্ষক নাছিৰ উদ্দিন আহমেদে ।

কলগাছিয়াৰ কোকিলা পূব পাৰা হাই মাদ্ৰাছাত ডনেশ্বনৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা ভৰ্তিমাচুল সংগ্ৰহ

বৰপেটা জিলাৰ কলগাছিয়া কে কে পাঠক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে নাম ভৰ্তিৰ নামত শিক্ষাৰ অধিকাৰ আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি ছাত্ৰ- ছাত্ৰীৰ পৰা ভৰ্তি মাচুল সংগ্ৰহ কৰি মুকলি বেহা চলাই থকাৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ কোকিলা পূবপাৰা হাইমাদ্ৰাছাত চলিছে ভৰ্তি মাচুল সংগ্ৰহ কৰাৰ নতুন কৌশল । বিদ্যালয়ৰ বিদ্যুতৰ বিল অনাদায় হৈ থকাৰ অজুহাতত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পৰা তিনিশ টকাকৈ ডনেশ্বন সংগ্ৰহ কৰে অধীক্ষক নাছিৰ উদ্দিন আহমেদে । ডনেশ্বন নিদিলে নাম ভৰ্তি নকৰে ছাত্ৰ-ছাত্ৰীক । বিদ্যালয় পৰিচালনা সমিতিক নজনোৱাকৈ অধীক্ষক গৰাকীয়ে নিজে মৈমতালিৰে গ্ৰহণ কৰিছে এই পদক্ষেপ । বৰ্তমান এই ঘটনাৰ তদন্ত কৰি বিহিত ব্যৱস্থা কৰিবলৈ শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে অভিভাৱক সকলৰ লগতে সচেতন ৰাইজে ।

লগতে পঢ়ক:অস্ত্ৰ এৰি মূল সূঁতিলৈ আহিব এনডিএফবি (এছ)

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details