জনীয়া,5 ফেব্ৰুৱাৰীঃ কলগাছিয়াৰ বৰটাৰীত আৰক্ষীৰ জালত তিনি জুৱাৰী । বুধবাৰে কলগাছিয়াৰ বৰটাৰীত আৰক্ষীয়ে অভিযান চলাই আটক কৰে জুৱাৰী কেইজনক ।
কলগাছিয়া আৰক্ষীৰ জালত তিনি জুৱাৰী - অসম গেম আৰু বেটিং আইন
বৰটাৰীত কলগাছিয়া আৰক্ষীৰ অভিযানত ৩ জুৱাৰী গ্ৰেপ্তাৰ। বৰটাৰীত দীৰ্ঘ দিনৰ পৰাই চলি আহিছিল জুৱা।বৃহস্পতিবাৰে জুৱাৰী তিনি গৰাকীক অসম গেম আৰু বেটিং আইনৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

উল্লেখ্যে যে,কলগাছিয়া আৰক্ষী থানাৰ বৰভিটা আৰক্ষী চকীৰ অন্তৰ্গত বৰটাৰীত দীৰ্ঘদিনৰ পৰা কায়ুম,কালাম,ৰফিকুল আৰু আব্দুল মালেকে অবৈধ ভাৱে জুৱা খেল চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ।
ইপিনে বৃহস্পতিবাৰে নিশা কলগাছিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাসৰ নেতৃত্বত অভিযান চলাই তিনি গৰাকী জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৃত জুৱাৰী তিনিজন ক্ৰমে-তাইজ উদ্দীন(৩৫),জাহান উদ্দীন(৩২),আনছেৰ আলী(৩০) বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে । ধৃত জুৱাৰী কেইজনক বৃহস্পতিবাৰে অসম গেম আৰু বেটিং আইনৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়কঃ চুড়ান্ত হ'ল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰতা