অসম

assam

ETV Bharat / state

ঈদ-উজ-জোহা পালনক লৈ কলগাছিয়াৰ বানাক্ৰান্তৰ নাই কোনো উচাহ - Kalgachia

পৱিত্ৰ ঈদ-উজ-জোহালৈ মাজত মাত্ৰ এটা দিন বাকী ৷ কিন্তু এইবাৰৰ ঈদ-উজ-জোহা পালনক লৈ কলগাছিয়াবাসীৰ মাজত নাই কোনো উচাহ ৷ অঞ্চলটোত বেঁকী নৈয়ে চলোৱা সন্ত্ৰাসৰ বাবেই ঈদৰ নামাজ পঢ়াক লৈ চিন্তিত হৈ পৰিছে কলগাছিয়াবাসী ৷

Kalgachia Flood area_celebration_Eid_uj_juha
ঈদ-উজ-জোহা পালনক লৈ কলগাছিয়াৰ বানাক্ৰান্তৰ নাই কোনো উচাহ

By

Published : Jul 31, 2020, 9:28 PM IST

বৰপেটা,31জুলাই: পৱিত্ৰ ঈদ-উজ-জোহালৈ মাজত মাত্ৰ এটা দিন বাকী৷ কিন্তু এইবাৰ ঈদ-উজ-জোহা পালনত চৰকাৰে বান্ধি দিছে কেতবোৰ নিয়ম ৷ ৰাজ্যত কৰ'ণা ভাইৰাছে সন্ত্ৰাস সৃষ্টি কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ৰাজ্যত কেৱল কৰ'ণা ভাইৰাছে নহয়,বানেও চলাইছে সন্ত্ৰাস ৷ খাদ্য ,আশ্ৰয় আৰু বাসস্থানৰ সমস্যাৰে জৰ্জৰিত আজি ৰাজ্যৰ 33খন জিলাৰ 21খন জিলাই ৷

ঈদ-উজ-জোহা পালনক লৈ কলগাছিয়াৰ বানাক্ৰান্তৰ নাই কোনো উচাহ

অন্য এক খবৰৰ বাবে: মাতৃভূমি পালেহি শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ

বেঁকী নৈয়ে সন্ত্ৰাস চলাইছে কলগাছিয়াত ৷ কলগাছিয়াৰ শ-শ ৰাইজ আজি ককবকাইছে বেঁকী নৈৰ বাঢ়নী পানীত ৷ ইফালে,ঈদ-উজ-জোহা পালনক লৈয়ো চিন্তিত হৈ পৰিছে কলগাছিয়াবাসী ৷ চৰকাৰে ঘৰে-ঘৰে নামাজ পঢ়িবলৈ নিৰ্দেশ দিছে যদিও ঘৰৰ মূধচলৈকে পানী থকা বানাক্ৰান্ত সকলৰ নাই নামাজ পঢ়িবলৈ ঠাই ৷

স্থানীয় জন-প্ৰতিনিধিয়েও বানক্ৰান্ত লোকসকলে কেনেকৈ ঈদৰ প্ৰস্তুতি চলাইছে এই সন্দৰ্ভতো লোৱা নাই কোনো খবৰ ৷ বানাক্ৰান্তসকলে পোৱা নাই চৰকাৰী কোনো সাহায্য ৷ যাৰ বাবে ঈদ-উজ-জোহা পালনক লৈ এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে কলগাছিয়াৰ শ-শ বানাক্ৰান্ত ৰাইজে ৷

ABOUT THE AUTHOR

...view details