অসম

assam

ETV Bharat / state

কলগাছিয়াত খেতিত জুই লগাই ক্ষতিগ্ৰস্ত কৃষকৰ প্ৰতিবাদ - kalgachia fire in paddy field

কলগাছিয়াৰ জমেৰকুৰত ধানৰ পৰিৱৰ্তে ওলাইছে পতান । খেতিত জুই লগাই ক্ষতিগ্ৰস্ত কৃষকৰ প্ৰতিবাদ । শ শ বিঘা খেতিত ধান পতান হোৱাত মূৰে কপালে হাত দিব লগা হৈছে কৃষকে । নতুন চৰকাৰলৈ ক্ষতিপূৰণৰ দাবী কৃষকৰ ।

kalgachia_fire_in_paddy_field
কলগাছিয়াত খেতিত জুই লগাই ক্ষতিগ্ৰস্ত কৃষকৰ প্ৰতিবাদ

By

Published : May 20, 2021, 9:51 PM IST

Updated : May 20, 2021, 10:55 PM IST

কলগাছিয়া, 20 মে’: কলগাছিয়াৰ জমেৰকুৰত ধানৰ পৰিৱৰ্তে ওলাইছে পতান । যাৰ ফলত খেতিত জুই লগাই ক্ষতিগ্ৰস্ত কৃষকে সাব্যস্ত কৰিছে প্ৰতিবাদ । শ শ বিঘা খেতিত ধান পতান হোৱাত এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কৃষকে ।

উল্লেখ্য যে, চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত PRUTHVI HYBRID PADDY SEEDS SE - 5252 ধানৰ বীজেৰে বৰনগৰ কৃষি চক্ৰৰ জমেৰকুৰ, বৰদাংগা, খাটাকুচি আদি গাঁৱৰ শ শ খেতিয়কে এইবেলি ইৰি ধানৰ খেতি কৰিছিল যদিও পথাৰত প্ৰায় ৭০/৮০ বিঘা ধানৰ খেতিত ধানৰ পৰিৱৰ্তে পতান হোৱাত মূৰে কপালে হাত দিব লগা হৈছে খেতিয়কে । ধানৰ গা-গছ হৈছে যদিও সিঁজ ওলোৱাৰ লগে লগে মৰহি গৈ ধানত চাউলৰ পৰিৱৰ্তে পতান হোৱাত চৰম ক্ষতিৰ সন্মুখীন হৈছে খেতিয়ক সকল ।

কলগাছিয়াত খেতিত জুই লগাই ক্ষতিগ্ৰস্ত কৃষকৰ প্ৰতিবাদ

বৃহস্পতিবাৰে জমেৰকুৰৰ গাঁৱৰ ক্ষতিগ্ৰস্ত একাংশ কৃষকে পতান ধাননিত জুই লগাই দি বিভিন্ন শ্ল’গানেৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ক্ষতিগ্ৰস্ত খেতিয়কৰ ক্ষতিপূৰণ দাবী জনায় । স্থানীয় চি পি এম নেতা ৰুস্তম আলিয়ে পতান খেতি সমূহ পৰিদৰ্শন কৰি খেতিয়ক সকলৰ বাবে যথাযথ ক্ষতিপূৰণ দাবী জনায় ।

আনহাতে দুই বছৰ পূৰ্বেও বৰপেটা, দৰং আৰু বঙাইগাঁও জিলাৰ ৩৮৮৫ হেক্টৰ মাটিত ইৰিধানৰ খেতিত পতান হৈছিল ৷ কৃষকৰ ধাৰাবাহিক আন্দোলনৰ ফলত চৰকাৰে ৫ কোটি ৭৫ লাখ ৫০০ টকা ক্ষতিপূৰণ ঘোষণা কৰিছিল যদিও আজিলৈকে ক্ষতিগ্ৰস্ত কৃষকে এটকাও ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: ভালখবৰ : অসমত ক’ভিড আক্ৰান্তৰ হাৰ ৬.০২ শতাংশলৈ হ্ৰাস

Last Updated : May 20, 2021, 10:55 PM IST

ABOUT THE AUTHOR

...view details