বৰপেটা,23 জুন:এইবাৰ বোৱাৰী নহয় আক্ৰমণৰ বলি এগৰাকী শাহুৱেক ৷ কলগাছিয়াৰ বাহাৰ বজাৰত সংঘটিত হয় এই ঘটনা ৷ ‘মোক বিভিন্ন কথাৰে গালি পাৰি আছিল ৷ উভতি ধৰাত মোক প্ৰথমে আক্ৰমণ কৰিছিল শাহুৱে ৷ সেই কাৰণে মই কাঠৰ টুকুৰাৰে মাৰিলো ৷ নামাজ পঢ়ি থকা নাছিল ৷ মই মৰাৰ পিচতহে কোৰাণখন হাতত লৈছিল ৷ ’ এই বিস্ফোৰক স্বীকাৰোক্তি এগৰাকী বোৱাৰীৰ ৷
জানিব পৰা মতে আমগুৰি বাহাৰ বজাৰৰ উছমান গণিৰ পুত্ৰ নুৰ নবীয়ে ৬ মাহ পূৰ্বে বৰপেটাৰ কয়াকুচিৰ পৰা পলুৱাই বিয়া পাতি আনিছিল ইয়াছমিনা খাতুনক । কিন্তু আজি হঠাৎ ইয়াছমিনা খাতুনে শাহু জৰিনা খাতুনক নামাজ পঢ়ি থকা অৱস্থাত পিছফালৰ পৰা কাঠৰ টুকুৰাৰে আক্ৰমণ কৰে ৷ বোৱাৰী গৰাকীৰ আক্ৰমণত আহত হয় শাহুৱেক জৰিনা খাতুন ৷
‘ঘৰত একো লগা নাই ৷ মই ঘৰত নাছিলো ৷ ঘৰত সৰু ল’ৰা এটা আছিল ৷ তাক দোকানৰ পৰা কিবা আনিবলৈ পঠিয়াই নামাজ পঢ়ি থকাৰ সময়ত পিছফালৰ পৰা আক্ৰমণ কৰিছিল ৷’ এই মন্তব্য় আহত জৰিনা খাতুনৰ স্বামীৰ ৷