জনীয়া, 9 মে' : তৃতীয় পৰ্য়ায়ৰ লক্ ডাউনৰ অন্তত ৰাজ্যত কিছু পৰিমাণে শিথিল কৰা হৈছে পূৰ্বৰ নীতি-নিয়ম ৷ দুমাহ যোৰা লক্ ডাউনৰ অন্তত ক্ষতিগ্ৰস্থ হোৱা কৃষক সকলে পুনৰ নতুন উৎসাহ-উদ্দীপনাৰে খেতি পথাৰত ব্যস্ত হৈ পৰিছে ৷
সামাজিক ব্যৱধান ৰাখি কলগাছিয়া আৰু ক্ষুদ্ৰকুছি চক্ৰৰ অন্তৰ্গত কলগাছিয়া, খাৰবাল্লী, বালিকুৰি, শওপুৰ, বাংকাভাংগা আদি বিভিন্ন কৃষি প্ৰধান অঞ্চলৰ কৃষক সকলে পথাৰত বিভিন্ন খেতিত ব্যস্ত হৈ পৰিছে ৷