কলগাছিয়া,২০ মে':ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । বৰপেটা জিলাৰ কলগাছিয়াতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । যোৱা ১০ এপ্ৰিলৰ ১৫ মে'লৈ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ২২০ গৰাকী কৰ'ণাত আক্ৰান্ত ৰোগী ধৰা পৰিছে ।
ইয়াৰে ৮৬ গৰাকী ৰোগী চিকিৎসা লাভ কৰি সুস্থ হৈ ঘৰলৈ উভতিছে । আনহাতে, ৬০ গৰাকী হোম আইচ'লেচনত থকাৰ বিপৰীতে ৪১ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আৰু এগৰাকী ৰোগীৰ মৃত্যু হৈছে বুলি বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামচুল আলমে জানিবলৈ দিয়ে ।