জনীয়া, 13 অক্টোবৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ সন্মুখৰ পৰাই মঙলবাৰে চিলনী চোৰে ১ লাখ ৯৯ হেজাৰ টকা কাঢ়ি লৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা চিলনী চোৰে কাঢ়ি নিলে টকাৰ মোনা - কলগাছিয়া ভাৰতীয় ষ্টেট বেংক
অতি ব্যস্ততাপূৰ্ণ বেংকৰ সন্মুখত সদায় আৰক্ষী উপস্থিত থকাৰ পিছতো কিদৰে বাইকলৈ অহা দুটা চিলনী চোৰে ধন লৈ পলায়ন কৰিলে তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
![অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা চিলনী চোৰে কাঢ়ি নিলে টকাৰ মোনা Kalgachia Chiloni Chor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9165577-thumbnail-3x2-jania.jpg)
জানিব পৰা মতে, ছাদ আক্কাছ আলী নামৰ এজন অৱসৰ প্ৰাপ্ত শিক্ষকে লোনৰ ১ লাখ ৯৯ হেজাৰ টকা বেংকৰ পৰা উঠায়। টকা উঠাই মোনাতলৈ বেংকৰ পৰা ওলাই আহোতে পালচাৰ বাইকলৈ অহা মুখ ঢাকি থকা দুজন চিলনী চোৰে ছাদ আক্কাছ আলী নামৰ এজন অৱসৰ প্ৰাপ্ত শিক্ষকজনৰ কাপোৰ ছিঙি টকাৰ মোনা কাঢ়ি লৈ উধাও হয়। ইফালে ছাদাক্কাছ আলীৰ পুত্ৰই চোৰ দুজনক ধৰিবলৈ বাইক লৈ খেদি যায় যদিও এতিয়ালৈকে ধৰিব পৰা নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অতি ব্যস্ততাপূৰ্ণ বেংকৰ সন্মুখত সদায় আৰক্ষী উপস্থিত থকাৰ পিছতো কিদৰে বাইকলৈ অহা দুটা চিলনী চোৰে ধন লৈ পলায়ন কৰিলে তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক: পি. কে. দত্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ