জনীয়া, 16 অক্টোবৰ : বৰপেটাৰ কলগাছিয়াৰ এগৰাকী অসহায় মাতৃ আৰু দুৰ্ভগীয়া পত্নীৰ কাতৰ আহ্বান । ৰুগীয়া স্বামীৰ চিকিৎসাৰ বাবে পত্নীৰ সহায় ভিক্ষা । চিকিৎসাৰ অভাৱত বিছনাতে চটফটাই আছে দুটি সন্তানৰ পিতৃ তাৰা মিয়া । বিগত দুবছৰৰ পৰা কৰ্কট সদৃশ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে লোকজন ।
উল্লেখ্য যে,তাৰা মিয়াই বহিঃৰাজ্যত শ্ৰমিক হিচাপে কাম কৰি উপাৰ্জনৰ ধনেৰে কোনোমতে পত্নী,সন্তান আৰু বৃদ্ধ মাতৃক ভৰণ-পোষণ দি আছিহিল । কিন্তু এই জটিল ৰোগত আক্ৰান্ত হোৱাৰ পাচৰে পৰা আৰ্থিক সংকটত ভুগিছে পৰিয়ালটো ৷
অসমৰ বহুকেইখন চিকিৎসালয়ত চিকিৎসা কৰিও কোনো সুফল নোপোৱাত পৰিয়ালৰ লোকে তাৰা মিয়াক ঘৰলৈ ওভতাই লৈ আনে । মাটি-বাৰী বিক্ৰী কৰি চিকিৎসাৰ বাবদ প্ৰায় 5 লাখ টকা খৰচ কৰিলে যদিও বৰ্তমানো সুস্থ হৈ উঠা নাই লোকজন । সম্প্ৰতি আৰ্থিক দুৰ্বলতাৰ বাবে হতাশাত ভাঙি পৰিছে পৰিয়ালটো । একমাত্ৰ উপাৰ্জনকাৰী তাৰা মিয়াৰ এনে অৱস্থাই ঘৰখনলৈ নমাই আনিছে অন্ধকাৰ ।
কলগাছিয়াৰ তাৰা মিয়াক আপোনাৰ সহায়ৰ প্ৰয়োজন তাৰা মিয়াৰ উন্নত চিকিৎসাৰ বাবে চৰকাৰ তথা ৰাইজলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পত্নী আৰু অসহায় মাতৃয়ে । কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে পৰিয়ালৰ একাউণ্ট নং 7108026060114 আৰু IFSC- UTBI0RRBAGBত আৰ্থিক সহায় আগবঢ়াব পাৰিব ।
লগতে পঢ়ক:গ্ৰেপ্তাৰ হ'ল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ