জনিয়া,7 মাৰ্চঃ বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া ৰাজহুৱা খেলপথাৰত দশম কলগাছিয়া গ্ৰন্থমেলাৰ শনিবাৰে শুভাৰম্ভ কৰা হয় । এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাৰে গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠান মুকলি কৰা হয় । গ্ৰন্থমেলাখনৰ প্ৰৱেশদ্বাৰ উন্মোচন, মূল পতাকা উত্তোলন আৰু উদ্বোধনী সভাত উদ্বোধকৰ ভূমিকা গ্ৰহণ কৰে সাহিত্য একাডেমি বঁটা বিজয়ী সাহিত্যিক ড৹ জয়শ্ৰী গোস্বামী মহন্তই ৷ পতাকা উত্তোলনৰ পাছত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী সভাত অসমবাণীৰ সম্পাদক দিলীপ চন্দন, অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা, দৈনিক গণ অধিকাৰৰ পৰিচালন সম্পাদক ছাহজাহান তালুকদাৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
কলগাছিয়াত শুভাৰম্ভ দশম কলগাছিয়া গ্ৰন্থমেলাৰ - সাংসদ আব্দুল খালেক
কলগাছিয়াত শনিবাৰৰ পৰা আৰম্ভ হৈছে দশম কলগাছিয়া গ্ৰন্থমেলা ৷ গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি শনিবাৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰ উন্মোচন কৰে ড৹ জয়শ্ৰী গোস্বামী মহন্তই ৷
দশম কলগাছিয়া গ্ৰন্থমেলা
ইপিনে, দশম কলগাছিয়া গ্ৰন্থমেলাত স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামক আমন্ত্ৰণ নজনোৱাৰ কাৰণ জানিব বিচৰাত আয়োজক সমিতিয়ে কাক আমন্ত্ৰণ জনাব বা নজনাব সেয়া আয়োজক সমিতিৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি সাংসদ তথা আয়োজক সমিতিৰ সভাপতি আব্দুল খালেকে প্ৰকাশ কৰে । অৱশ্যে স্থানীয় বিধায়কক গ্ৰন্থমেলাত আমন্ত্ৰণ নজনোৱাত কলগাছিয়াৰ সাধাৰণ ৰাইজৰ মাজত নেতিবাচক চৰ্চা অব্যাহত থকা পৰিলক্ষিত হৈছে ।
লগতে চাওকঃবান বিধ্বস্ত লখিমপুৰৰ কৃষকলৈ বৰো ধানে আনিছে আশাৰ সঞ্চাৰ