জনীয়া,27 মাৰ্চঃ উজনি অসমৰ 47 টা সমষ্টিত শনিবাৰে অসম বিধানসভাৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে ৷ তাৰমাজতে নামনি অসমত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰা দেখা গৈছে। জনীয়া সমষ্টিৰ কলগাছিয়া সাপ্তাহিক বজাৰত আজি বিজেপিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অধিবক্তা শ্বহিদুল ইছলামে কংগ্ৰেছ-এ আইইউডি এফ আৰু বিপিএফ মহাজোঁটক তীব্ৰ সমালোচনা কৰে।
ইছলামে মহাজোঁটৰ প্ৰাৰ্থী ড৹ ৰফিকুল ইছলামক ভেঞ্চাৰ বিধায়ক বুলি কটাক্ষ কৰাৰ লগতে কাম কৰিব নোৱাৰে যদি কিয় বাৰে আপুনি বিধায়ক হ’ব লাগে বুলি প্ৰশ্ন কৰে । সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিবলৈ ৰাইজক আহবান জনাই ইছলামে ।