অসম

assam

ETV Bharat / state

কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ বিধ্বংসী ৰূপ

বিগত কেবাবছৰ ধৰি হৈ থকা বেকী নদীৰ গৰাখহনীয়াই জনীয়া সমষ্টিৰ মানচিত্ৰ সলনি কৰি অহাৰ পিছত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে স্থানীয় বিধায়ক আৰু সাংসদক বহু বাৰ অনুৰোধ জনাইছে যদিও এইক্ষেত্ৰত কাণসাৰ নিদিয়াৰ অভিযোগ জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ বিৰুদ্ধে ।

কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ বিধ্বংসী ৰূপ
কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ বিধ্বংসী ৰূপ

By

Published : Jan 10, 2020, 1:05 PM IST

কলগাছিয়া,10 জানুৱাৰীঃ বৰপেটাৰ কলগাছিয়াৰ খাৰবাল্লীত বেকী নদীৰ বিধ্বংসী গৰাখহনীয়া । বেকী নদীৰ ভয়ানক গৰাখহনীযাৰ কবলত পৰিছে জনীয়া সমষ্টিৰ কেবাখনো গাওঁ। বিগত এটা সপ্তাহত জাহ গ'ল পঁচিশটা পৰিয়ালৰ ঘৰ-দুৱাৰ। মাটি-ভেটি হেৰুৱাই এতিয়া পথাৰত আশ্ৰয় গ্ৰহণ কৰিছে খহনীয়াগ্ৰস্ত ৰাইজে।

বেকী নদীৰ গৰাখহনীয়াই সলনি কৰিছে জনীয়া সমষ্টিৰ মানচিত্ৰ
বাৰিষা গল কিন্তু আঁতৰা নাই খহনীয়াৰ বিভীষিকা। ভয়ংকৰ গৰাখহনীয়াই সন্ত্ৰাস অব্যাহত ৰাখিছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত। বিগত পাঁচ বছৰে খাৰবাল্লী,সুতিৰপাথাৰ,ডাউকমাৰী আৰু কাচুকাটি গাঁৱত বেকী নদীয়ে ব্যপক গৰাখহনীয়াৰ সৃষ্টি কৰি তিনি শতাধিক পৰিয়ালৰ মাটি-ভেটি উছন কৰাৰ পিচত এইবাৰ পুনৰ পঁচিশটা পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত জাহ যোৱাত পথাৰৰ মাজত মুকলি আকাশৰ তলত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
বেকী নদীৰ ভয়ানক গৰাখহনীযাৰ কবলত পৰিছে জনীয়া সমষ্টিৰ কেবাখনো গাওঁ

বিগত কেবাবছৰ ধৰি হৈ থকা বেকী নদীৰ গৰাখহনীয়াই জনীয়া সমষ্টিৰ মানচিত্ৰ সলনি কৰি অহাৰ পিছত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে স্থানীয় বিধায়ক আৰু সাংসদক বহু বাৰ অনুৰোধ জনাইছে যদিও এইক্ষেত্ৰত কাণসাৰ নিদিয়াৰ অভিযোগ জনপ্ৰতিনিধি আৰু প্ৰশাসনৰ বিৰুদ্ধে । সম্প্ৰতি চৰ খাৰবাল্লী প্ৰাথমিক বিদ্যালয়আৰু ১৬৭০ নম্বৰ উত্তৰ সুতিৰপাথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে শতাধিক পৰিয়াললৈ নামি আহিছে তীব্ৰ ভাবুকি ৷ সেয়ে শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৰাইজে অঞ্চলটোৰ ৰাইজে ।

লগতে চাওকঃমোজাম্মিলৰ ৰক্তে পাই ভাষা জিলমিল..!

ABOUT THE AUTHOR

...view details