জনীয়া,10 মে'ঃকলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বিগত ত্ৰিশ বছৰ ধৰি একেৰাহে বেঁকী নদীয়ে গৰাখহনীয়াৰ সৃষ্টি কৰি গাঁওখন নিশ্চিহ্ন কৰিব ধৰিছে যদিও চৰকাৰ তথা জিলা প্ৰসাশনে কোনো ধৰণৰ স্থায়ী প্ৰতিৰোধৰ ব্যাৱস্থা গ্ৰহণ কৰা নাই ফলত চপৰা চপৰে খহিছে বেঁকী নৈৰ গৰা । প্ৰতি বছৰে হাজাৰ হাজাৰ বিঘা শস্য শ্যামলা খেতি পথাৰৰ লগতে শ শ লোকৰ ভেটি মাটি উচন কৰি জৰ্জৰিত কৰি আহিছে সাধাৰণ ৰাইজক ।
চৰকাৰে নিদিয়ে : ৰাইজে গাঁঠিৰ ধনেৰে ৰোধিছে খহনীয়া ! - খাৰবাল্লী, আমগুৰি, সুতিৰপাথাৰ আৰু কলগাছিয়া অঞ্চল
কলগাছিয়াৰ খাৰবাল্লীত বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়া ।ভাবুকিৰ সন্মুখীন চাৰিখনকৈ গাঁৱৰ সহস্ৰাধিক পৰিয়াল ।ইফালে কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ । উপায়ন্তৰ হৈ ৰাইজে পকেটৰ ধন খৰচ কৰি, বাঁহ সংগ্ৰহ কৰি আৰম্ভ কৰিলে পাৰ্কুপাইনৰ কাম ।
কলগাছিয়াৰ খাৰবাল্লীত ৰাইজে নিজৰ পকেটৰ ধনেৰে কৰিছে বাঁহৰ পাৰ্কুপাইনৰ কাম
সম্প্ৰতি বাৰিষাৰ আগে আগে গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে খাৰবাল্লী, আমগুৰি, সুতিৰপাথাৰ আৰু কলগাছিয়া অঞ্চলত । কিন্তু চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই এই গম্ভীৰ সমস্যাৰ প্ৰতি ৷ উপায়ন্তৰ হৈ খাৰবাল্লী গাঁৱৰ ৰাইজে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি, জেপৰ ধন খৰচ কৰি এইদৰে হাতে কামে আৰম্ভ কৰিছে গৰাখহনীয়া প্ৰতিৰোধৰ কাম । লগতে তেওঁলোকে খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা সু- দৃষ্টি কামনা কৰিছে।
লগতে পঢ়কঃমাতৃ দিৱস বিশেষ : কোৱাৰেন্টাইন কেন্দ্ৰত কৰ্তব্যৰত মহিলাৰ মনৰ খবৰ !