কলগাছিয়া, 10 মাৰ্চঃ কলগাছিয়াৰ গুনিয়ালগুৰি গড়কাপ্তানী পথৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙে ৰাইজ আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক ভোগাইছে যমৰ যাতনা ৷ ইতিমধ্যে দলঙৰ পৰা পৰি কেইবাগৰাকীও লোকৰ লগতে ছাত্ৰ-ছাত্ৰী পৰি আঘাতপ্ৰাপ্ত হোৱাৰ কথাও উল্লেখ কৰিছে স্থানীয় ৰাইজে ৷ এই ক্ষেত্ৰত স্থানীয়সাংসদ আব্দুল খালেক আৰু বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ দলং খনক লৈ গুনিয়াগুৰিৰ ছাত্ৰ-ছাত্ৰীসকল ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বুলিও প্ৰকাশ কৰে ৰাইজে ৷ যাৰ বাবে এইখন বাঁহৰ দলঙৰ পৰিৱৰ্তে শীঘ্ৰেই এখন পকী দলং নিৰ্মাণৰ দাবী জনাইছে স্থানীয় লোকে ৷
কলগাছিয়াৰ গুনিয়ালগুৰিত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰ - kalgachia Bambo Bridge
কলগাছিয়াৰ গুনিয়ালগুৰিৰ ৰাইজ আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক যমৰ যাতনা ভোগাইছে গুনিয়ালগুৰি গড়কাপ্তানী পথৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙে ৷ দলঙখনৰ পৰা পৰি কেইবাগৰাকীও লোল অতিমধ্যে আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ স্থানীয় লোকৰ ৷

জৰাজীৰ্ণ বাঁহৰ দলং
কলগাছিয়াৰ গুনিয়ালগুৰিত জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰ
Last Updated : Mar 10, 2020, 12:43 PM IST