অসম

assam

ETV Bharat / state

বন বিভাগৰ ছত্ৰছায়াত বালি খননৰ অভিযোগ - অভিযোগ

বৰপেটাৰ কলগাছিয়াৰ বলাইপথাৰৰ সমীপেৰে বৈ যোৱা বেকী নৈৰ বুকুত চলিছে অবৈধ খনন ৷ এই খনন বন বিভাগৰ আশীৰ্বাদত চলাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ ৷ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

বন বিভাগৰ ছত্ৰছায়াত বালি খননৰ অভিযোগ
বন বিভাগৰ ছত্ৰছায়াত বালি খননৰ অভিযোগ

By

Published : Dec 23, 2020, 12:15 PM IST

Updated : Dec 23, 2020, 6:36 PM IST

জনীয়া,23 ডিচেম্বৰ:বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপথাৰৰ বেকী নদীৰ সমীপত অহৰহ চলিছে বালি খনন কাৰ্য ৷ এই অবৈধ খনন কাৰ্যই বলাইপথাৰ, খাৰবাল্লী, আমগুৰি, সূঁতিৰপথাৰ, কলগাছিয়া আদি গাঁৱলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ৷ ৰাজ্য চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অধীনষ্ঠ বন বিভাগে বৰপেটা ৰোড সংমণ্ডল আৰু জিলা প্ৰশাসনৰ সৈতে বুজাবুজি কৰি শতাধিক ট্ৰেক্টৰৰ সহায়ত এই খনন কাৰ্য চলাই আহিছে বুলি অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷ দিনে-নিশাই কৰা এই বালি খনন কাৰ্যক কোনোৱে বাধা প্ৰদান কৰিলে বালি মাফিয়াই মৃত্যুৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ইয়াৰোপৰি শীঘ্ৰে এই কাৰ্য বন্ধ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে ৰাইজে ৷

বন বিভাগৰ ছত্ৰছায়াত বালি খননৰ অভিযোগ

উল্লেখ্য যে,বালি মাফিয়াৰ কাৰ্যত অতিষ্ঠ একাংশ ৰাইজে শেহতীয়াকৈ বালি কঢ়িওৱা ট্ৰেক্টৰ আবদ্ধ কৰি ৰাখে ৷

লগতে চাওকঃক্ষুদ্ৰতম সিংহাসন নিৰ্মাণৰ অভিলেখ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত

Last Updated : Dec 23, 2020, 6:36 PM IST

ABOUT THE AUTHOR

...view details