অসম

assam

By

Published : Sep 17, 2020, 10:37 PM IST

ETV Bharat / state

জনীয়াত এ আই ইউ ডিএফৰ কৰ্মীসভা

আগন্তুক 21ৰ নিৰ্বাচনত জনীয়া সমষ্টিত নিজৰ দখলত লোৱাৰ উদ্দেশ্যৰে আজি জনীয়া সমষ্টিৰ টি এন ডিত AIUDFয়ে অনুষ্ঠিত কৰে এখন বিশাল কৰ্মী সভা ৷ সভাত 21ৰ নিৰ্বাচনৰ বাবে AIUDF সাজু বুলি উল্লেখ কৰে নাওঁবৈছাৰ বিধায়ক মামুদ ইমদাদুল চৌধুৰীয়ে ৷

Kalgachia AIUDF Election Planning
জনীয়াত এআইইউডিএফৰ কৰ্মীসভা

জনীয়া,17ছেপ্টেন্বৰ : বৃহস্পতিবাৰে জনীয়া সমষ্টিৰ টি এন ডিত AIUDFয়ে এখন বিশাল কৰ্মী সভা অনুষ্ঠিত কৰে ৷ এই সভাত নাওবৈচাৰ বিধায়ক মামুদ ইমদাদুল চৌধুৰীয়ে দলৰ কৰ্মী সকলক 21ৰ নিৰ্বাচনৰ বাবে আগতীয়াকৈ মাৰবান্ধি থিয় হ'বলৈ আহ্বান জনায় ৷ বিধায়ক গৰাকীয়ে বিজেপিক পৰাজিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰাৰ লগতে আসন বুজাবুজি আৰু এৰা-ধৰা সন্দৰ্ভত হাই কমাণ্ডৰ নিৰ্দেশনাক মানিবলৈ সদায়ে প্ৰস্তুত বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ৷

জনীয়াত এআইইউডিএফৰ কৰ্মীসভা

এই সভাৰ জৰিয়তে জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে পূৰ্বে AIUDFয়ে জয় লাভ কৰা ২৯ টাকৈ সমষ্টি নিজৰ দখলত আনিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিব বুলি প্ৰকাশ কৰে ৷ বিধায়ক গৰাকীক জনীয়া সমষ্টিত কংগ্ৰেছ দলৰ বাবে এৰি দিয়া হ'ব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিধায়কগৰাকীয়ে কয়,কংগ্ৰেছে নিবিচাৰে আৰু বিচৰাৰ কোনো যুক্তিও নাই বুলি প্ৰকাশ কৰে ৷ অৱশ্যে বিজেপি দলে চৰকাৰ কৰিলে মুখ্যমন্ত্ৰীৰ পদ কংগ্ৰেছক এৰি দিয়া হ'ব বুলি বিধায়ক গৰাকীয়ে জানিবলৈ দিয়ে ।

আনহাতে বিতৰ্কিত সত্য ৰঞ্জন বৰাই মুছলমানৰ বিৰুদ্ধে অকথ্য আৰু সাম্প্ৰদায়িক মন্তব্য কৰা সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে সত্যৰঞ্জন এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তি ৷ তেওঁ বিকাৰগ্ৰস্ত হোৱা হেতুকে চৰকাৰে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

অন্য এক খবৰৰ বাবে: চিৰাঙত বন্যহস্তীয়ে ভাঙি চূৰমাৰ কৰিলে 10টা বাসগৃহ

ABOUT THE AUTHOR

...view details