অসম

assam

By

Published : Aug 17, 2020, 2:06 PM IST

Updated : Aug 17, 2020, 2:14 PM IST

ETV Bharat / state

দ' পুখুৰীৰ পৰা উদ্ধাৰ কলগাছিয়াৰ দুৰ্ঘটনাগ্ৰস্ত বাহন

উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়াৰ গুনিয়ালগুৰি বজাৰৰ পৰা দাৱনদিয়া গাঁও অভিমুখে গৈ আছিল AS01 DW 6781 নম্বৰৰ বাহনখন ৷ গাড়ী চালক জনে নিয়ন্ত্ৰণ হেৰুৱাত গাড়ীখন দ-পুখুৰীত বাগৰি পৰে । ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ গাড়ীখনৰ আইনা ভাঙি চালক কলিম উদ্দিন আৰু আকবৰ আলী নামৰ লোক দুজনক উদ্ধাৰ কৰে।

Kalgachia
কলগাছিয়া

কলগাছিয়া, 17 আগষ্ট :সোমবাৰে পুৱা আৰক্ষী, গাঁওৰক্ষী বাহিনী আৰু স্থানীয় যুৱকৰ সহায়ত কলগাছিয়াৰ দাৱনদিয়া গাঁৱৰ দ' পুখুৰীৰ পৰা বামলৈ উঠোৱা হয় দুৰ্ঘটনাগ্ৰস্ত বাহনখন ৷ তথ্য অনুসৰি, দেওবাৰে নিশা কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাৱনদিয়া গাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাটোত আকবৰ আলী নামৰ এজন লোকৰ মৃত্যু হয়।

লগতে পঢ়কঃভাওনা সংস্কৃতিৰ সাধক কৃষ্ণপদ কলিতালৈ অসম চৰকাৰৰ এককালীন সাহায্য

উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়াৰ গুনিয়ালগুৰি বজাৰৰ পৰা দাৱনদিয়া গাঁও অভিমুখে গৈ আছিল AS01 DW 6781 নম্বৰৰ বাহনখন ৷ গাড়ী চালক জনে নিয়ন্ত্ৰণ হেৰুৱাত গাড়ীখন দ-পুখুৰীত বাগৰি পৰে । ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ গাড়ীখনৰ আইনা ভাঙি চালক কলিম উদ্দিন আৰু আকবৰ আলী নামৰ লোক দুজনক উদ্ধাৰ কৰে।

দ' পুখুৰীৰ পৰা উদ্ধাৰ কলগাছিয়াৰ দুৰ্ঘটনাগ্ৰস্ত বাহন

ততাতৈয়াকৈ আকবৰ আলীক সংকটজনক অৱস্থাত কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও কিছু সময়ৰ পিছতেই আকবৰ আলীৰ মৃত্যু হয়। ইফালে ৰাইজে উদ্ধাৰ কৰাৰ পিছত চালক কলিম উদ্দিন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। উক্ত ঘটনা সম্পৰ্কে স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ লগে লগে ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

Last Updated : Aug 17, 2020, 2:14 PM IST

ABOUT THE AUTHOR

...view details