বৰপেটা, 9 ডিচেম্বৰ : বুধবাৰেপ্ৰতিবাদমুখৰ হৈ পৰিল বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাল চৌহদ (Protest of Junior Doctors in FAAMCH) ৷ হাস্পতালখনৰ চৌহদত কনিষ্ঠ চিকিৎসকসকলে বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ কিয়নো চিকিৎসালয় নাই পৰ্যাপ্ত চিকিৎসক ৷ যাৰ বাবে হাস্পতালখনত ৰোগীক চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত দেখা দিছে বিভিন্ন সমস্যাই ৷
বৰপেটাত চিকিৎসকৰ প্ৰতিবাদ উল্লেখ্য যে, ৫০ শতাংশ এআইকিউ আসনৰ বাবে NEET PG (NEET PG for AIQ seats) ৰ পৰামৰ্শ ২৫ অক্টোবৰত আৰম্ভ হোৱাৰ কথা আছিল ৷ কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এমচিচিয়ে ইয়াক স্থগিত ৰাখিছিল ৷ আইনগত অসুবিধাৰ বাবে বন্ধ হৈ থকা নামভৰ্তি প্ৰক্ৰিয়া শীঘ্ৰে সম্পন্ন কৰা কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই প্ৰতিবাদী কনিষ্ঠ চিকিৎসকলে (Protest of Junior Doctors in FAAMCH) ৷
উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা NEET PG নামভৰ্তি প্ৰক্ৰিয়া সম্পৰ্কীয় গোচৰটোৰ ৬ জানুৱাৰীত হ’ব পুনৰ ৰায়দান প্ৰক্ৰিয়া (The NEET PG enrollment process hearing will be held on January 6) ৷ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এই গোচৰটোও শীঘ্ৰে নিষ্পত্তি কৰাৰো দাবীত জনাই বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালৰ কনিষ্ঠ চিকিৎসকসকলে ৷ লগতে শীঘ্ৰে নতুন চিকিৎসকক নিযুক্তি দিবলৈ দাবী (Demanding for Appointment of New Doctor in Barpeta Medical College Hospital) জনাই প্ৰতিবাদকাৰীসকলে ৷
নতুন চিকিৎসকৰ নিযুক্তিৰ দাবীত বৰপেটাত চিকিৎসকৰ প্ৰতিবাদ প্ৰতিবাদী চিকিৎসকসকলে দাবী কৰা অনুসৰি, চিকিৎসকসকলে প্ৰতিবাদ কৰাৰ সমান্তৰালভাৱে ৰোগী চোৱাত যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অস্ত্ৰপ্ৰচাৰ আৰু জৰুৰীকালীন সেৱা অব্যাহত ৰাখিছে হাস্পতালখনত ৷ যদিহে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে এইক্ষেত্ৰত উচিত পদক্ষেপ নলয়, তেন্তে অনাগত দিনত আৰু অধিক তীব্ৰতৰ কৰি তুলিব এই আন্দোলন ৷
লগতে পঢ়ক :AFSPA বাতিলৰ দাবীত যোৰহাটত উত্তাল প্ৰতিবাদ