অসম

assam

ETV Bharat / state

জুবিনৰ মন পৰশা গীতেৰে মন্ত্ৰমুগ্ধ পাঠশালাবাসী

কোনো বিতৰ্কিত মন্তব্যৰ বিপৰীতে মাথো সুমধুৰ গীত পৰিৱেশন কৰিলে হাৰ্থ্ৰৱ জুবিনে ৷ পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে বৰষুণৰ পানী নপৰা সকলো ব্যবস্থা কৰিছিল যদিও জুবিন গাৰ্গে বৰষুণত তিতি গীত পৰিৱেশন কৰে পাঠশালাত ৷

By

Published : May 1, 2019, 5:16 PM IST

জুবিনৰ মন পৰশা গীতেৰে মন্ত্ৰমুগ্ধ পাঠশালাবাসী

বৰপেটা, 01 এপ্ৰিলঃ মঙলবাৰে পাঠশালাত পাঠশালা ৰঙালী বিহু সন্মিলনীয়ে 39 সংখ্যক ৰঙালী বিহু উদযাপন কৰে ৷ পাঠশালা বিহু অনুষ্ঠানত এক অন্য ৰূপত দেখিবলৈ পোৱা গ'ল জুবিন গাৰ্গক ৷ বিতৰ্কিত মন্তব্য নহয় সুমধুৰ কেৱল গীত পৰিৱেশন কৰিলে হাৰ্থ্ৰৱ জুবিনে ৷

জুবিনৰ মন পৰশা গীতেৰে মন্ত্ৰমুগ্ধ পাঠশালাবাসী

প্ৰবল বৰষুণেও পাঠশালাবাসীৰ বিহুৰ মাদকতা কমাব নোৱাৰিলে ৷ হঠাৎ মঞ্চৰ আগফালে আহি পাঠশালাত ধাৰাষাৰ বৰষুণত তিতি গীত পৰিৱেশন কৰিলে জুবিনে ৷ সহযোগীয়ে ছাতি দিবলৈ আহোতে অগ্ৰাহ্য কৰিলে জুবিনে ৷ ইপিনে জুবিনৰ স'তে অনুৰাগী সকলেও তালে তালে বৰষুণত তিতি জুবিনৰ গীতত নৃত্য পৰিৱেশন কৰে ৷

ABOUT THE AUTHOR

...view details