বৰপেটা, 12 ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিঠাত আনন্দ মেলাত অত্যাধুনিক জুৱা আৰু যাদুৰ নামত উদ্দাম নৃত্য প্ৰদৰ্শনৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰা সাংবাদিকক ভাবুকি ৷ লগতে বাতৰিত ভাষ্য প্ৰদান কৰা আমছু নেতাকো মেলা সমতিয়ে ভাবুকি প্ৰদান কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Journalist threatened for publishing gambling news) । যোৱা ২ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈ চলি থকা আনন্দ মেলাত লাকী কুপন, অত্যাধুনিক কেছিনো সদৃশ জুৱা চলাৰ লগতে যাদু খেলৰ নামত চলিছিল উদ্দাম নৃত্য ।
একাংশ ৰাইজৰ অভিযোগ ভিত্তিত আমছু নেতা আৰু সাংবাদিকৰ এটি দলে উক্ত মেলাত উপস্থিত হৈ জুৱা আৰু উদ্দাম নৃত্য প্ৰদৰ্শনৰ সমগ্ৰ দৃশ্য আৱদ্ধ কৰিছিল(Open gambling in Kalgachia mela) । এই লাকী কুপন, অত্যাধুনিক কেছিনো সদৃশ জুৱাত ৮ ৰ পাৰ ২০ বছৰীয়া কিশোৰৰ পয়োভৰৰ সমগ্ৰ দৃশ্য আবদ্ধ হৈছিল কেমেৰাত । যোৱা ৯ ডিচেম্বৰত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে ১০ ডিচেম্বৰত সাংবাদিক আৰু ভাষ্য প্ৰদান কৰা আমছু নেতাক ভাবুকি প্ৰদান কৰে বিভিন্ন অসামাজিক কামত জড়িত থকা আব্দুছ ছামাদ আৰু তেওঁৰ সাংগো-পাংগোৱে ।