জনীয়া, 20 অক্টোবৰঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে চাৰিওটা সমষ্টিতে তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ এই উপ-নিৰ্বাচনত প্ৰত্যেকটো দলেই নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ জনীয়া সমষ্টিৰ মাজেৰে মটৰ চাইকেল আৰু ই-ৰিক্সা ৰেলী বাহিৰ কৰে ৷ ইয়াৰ মাজতে বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈও উলিওৱা হয় মটৰ চাইকেল ৰেলী ৷
পৰীক্ষাৰ মাজতে উচ্চ প্ৰৱল্যৰ মাইকত ৰঞ্জিত দাসৰ নিৰ্বাচনী প্ৰচাৰ
পৰীক্ষাৰ সময়তে উচ্চ প্ৰৱল্যৰ মাইক বাজি থকাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হেলিকপ্টাৰ যোগে উপস্থিত হোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয় ৷ যাৰ ফলত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ব্যাপক অসুবিধাৰ সম্মুখীন হ’ব লগীয়া হয় ৷
উল্লেখ্য যে, মটৰ চাইকেল ৰেলীৰ বাবে শৰীয়তপুৰ হাইস্কুলৰ সন্মুখত বিজেপি দলৰ সমৰ্থক সকল এক গোট হয় ৷ কিন্তু সেই সময়ত বিদ্যালয়খনত চলি আছিল পৰীক্ষা ৷ পৰীক্ষাৰ সময়তে উচ্চ প্ৰৱল্যৰ মাইক বাজি থকাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হেলিকপ্টাৰ যোগে উপস্থিত হোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয় ৷ যাৰ ফলত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে ব্যাপক অসুবিধাৰ সম্মুখীন হ’ব লগীয়া হয় ৷
আনহাতে বিদ্যালয়খনৰ গুৰুত্বপূৰ্ণ পৰীক্ষা চলি থকাৰ মাজতে বিদ্যালয়পৰ খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰাৰ ক্ষেত্ৰত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে ৷