অসম

assam

ETV Bharat / state

জনীয়াত প্ৰতিবাদঃ সময়সূচীতকৈ 5 ঘণ্টা পলমকৈ পালে NRC শুনানীৰ জাননী

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে NRCৰ পুনৰীক্ষণৰ নামত হাৰাশাস্তিৰ ঘটনা ৷ জনীয়াত পুনৰীক্ষণৰ সময়সূচীৰ চাৰি ঘণ্টা পলমকৈ পালে জাননী ৷ 1 বজাত উপস্থিত হ'ব লগা জাননী পালে সন্ধিয়া 6 বজাত ৷ এনে হাৰাশাস্তিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷

By

Published : Aug 6, 2019, 2:33 PM IST

জনীয়াত প্ৰতিবাদঃ সময়সূচীতকৈ 5 ঘণ্টা পলমকৈ পালে NRC শুনানীৰ জাননী

জনীয়া, ০৬ আগষ্ট: এন আৰ চিৰ পুনৰীক্ষণৰ নিৰ্ধাৰিত সময়সূচীৰ চাৰি ঘন্টা পিছত জাননী পালে জনীয়াৰ ভাতকুছিত একাংশ ৰাইজে ৷ এন আৰ চিৰ নামত হাৰাশাস্তি বন্ধ কৰি চৰকাৰে ভূক্তভোগী ৰাইজক গুলিয়াই মৰাৰ আহ্বান ভুক্তভোগিৰ।

জনীয়াত প্ৰতিবাদঃ সময়সূচীতকৈ 5 ঘণ্টা পলমকৈ পালে NRC শুনানীৰ জাননী
বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছিত সম্প্ৰতি বিৰাজ কৰিছে এন আৰ চি আতংকই। বৰপেটাৰ ভাতকুছিৰ গাঁৱৰ পৰা যোৰহাট জিলাৰ তিতাবৰ, কামৰূপ জিলাৰ বাইহাটা, শিবসাগৰ আদি ঠাইলৈ পুনৰীক্ষণৰ বাবে উপস্থিত হ'বলৈ একাংশ লোকলৈ জাননী প্ৰেৰণ কৰা হৈছে। কিন্তু জাননীপ্ৰাপ্ত লোকসকলক পুনৰীক্ষণৰ বাবে ৫ আগষ্টৰ দিনৰ ১ বজাত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছেল যদিও লোকসকলে জাননী লাভ কৰে ৬ বজাত। এই ক্ষেত্ৰত ভুক্তভোগীয়ে এক গভীৰ ষড়যন্ত্ৰৰ বলি হোৱা বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে। এনে হাৰাশাস্তি দিয়াতকৈ চৰকাৰে ভূক্তভোগী ৰাইজক শাৰীপাতি থিয় কৰাই গুলিয়াই মাৰিবলৈ আহ্বান জনোৱাৰ লগতে চৰকাৰ আৰু প্ৰতীক হাজেলাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।
জনীয়াত প্ৰতিবাদঃ সময়সূচীতকৈ 5 ঘণ্টা পলমকৈ পালে NRC শুনানীৰ জাননী

ABOUT THE AUTHOR

...view details